নিউজ ডেস্ক, 11 ছেপ্টেম্বৰ :পেৰিছ অলিম্পিকত স্বৰ্ণ পদক অৰ্জনৰ লক্ষ্যৰে পুনৰ বাংগালুৰুত অনুশীলনত ব্যস্ত হৈছে লাভলীনা বৰগোঁহাইৰ ৷ ৮ আগষ্টত টকিঅ' অলিম্পিক শেষ হোৱাৰ পিছতেই ৯ আগষ্টত নতুন দিল্লী আৰু পৰৱৰ্তী সময়ত গুৱাহাটী লগতে জন্ম গাঁৱলৈ গৈ কেইদিনমান জিৰণি লোৱা অসম গৌৰৱ লাভলীনা এতিয়া আকৌ উভতিছে বক্সিং ৰিঙলৈ । টুইটাৰত অনুশীলনৰ ফটো শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে অসমৰ বক্সাৰগৰাকীয়ে ৷
টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই 3 ছেপ্টেম্বৰত সৰুপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰখনৰ পৰা পিতৃ-মাতৃক অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাই বাংগালুৰুৰ অনুশীলন শিবিৰলৈ ৰাওনা হয় ৷ লাভলীনাই আপোন ঘৰখনৰ পৰা পিতৃয়ে ডিমাপুৰ বিমান বন্দৰলৈ লৈ যায় ।