অসম

assam

ETV Bharat / state

"লটিঘটি"ৰ অসমীয়া কেলেণ্ডাৰ গাৰ্ল-২০২১ৰ অ'ডিচন সম্পন্ন

টি-চাৰ্ট ব্ৰেণ্ড "লটিঘটি"ৰ উদ্যোগত শনিবাৰে মহানগৰীৰ জু-ৰোডস্থিত 'T-Series Stage work'ত অসমীয়া কেলেণ্ডাৰ গাৰ্ল-২০২১ৰ বাবে এক অ'ডিচনৰ আয়োজন কৰা হয় । অ’ডিচনৰ পৰা সৰ্বমুঠ ৫০ গৰাকী নিৰ্বাচিত প্ৰতিযোগীক লৈ অসমীয়া কৃষ্টি-সংস্কৃতি, বিভিন্ন জাতি-জনজাতিৰ পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শনৰে অসমীয়া কেলেণ্ডাৰ গাৰ্ল ২০২১-২২ ৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।

By

Published : Feb 6, 2021, 9:55 PM IST

"লটিঘটি"ৰ অসমীয়া কেলেণ্ডাৰ গাৰ্ল-২০২১ৰ অ'ডিচন সম্পন্ন
"লটিঘটি"ৰ অসমীয়া কেলেণ্ডাৰ গাৰ্ল-২০২১ৰ অ'ডিচন সম্পন্ন

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী:টি-চাৰ্টত সৃষ্টিশীল চিন্তাৰে আকৰ্ষণীয় ৰূপত অসমীয়া সংলাপ সংযোজনৰে যুৱচামৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা টি-চাৰ্ট ব্ৰেণ্ড "লটিঘটি"ৰ উদ্যোগত শনিবাৰে মহানগৰীৰ জু-ৰোডস্থিত 'T-Series Stage work'ত অসমীয়া কেলেণ্ডাৰ গাৰ্ল-২০২১ৰ বাবে এক অ'ডিচনৰ আয়োজন কৰা হয় ৷ ফেশ্বন জগতৰ প্ৰতি আগ্ৰহী যুৱতী সকলক মডেলিং, গ্ৰুমিং, পাৰ্চনেলিটী ডেভেলপমেন্ট আদি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি লটিঘটিয়ে প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা কেলেণ্ডাৰ গাৰ্লৰ এই অ'ডিচনত ৰাজ্যৰ শতাধিক যুৱতীয়ে অংশগ্ৰহণ কৰে ৷

উক্ত অনুষ্ঠানত বিচাৰকৰ আসন অলংকৃত কৰে জনপ্ৰিয় অভিনেতা কমল লোচন, সংগীত নাটক একাডেমী বঁটা বিজয়ী সেউজপ্ৰিয়া গোস্বামী, মডেল নয়না শইকীয়া আৰু মহিলা উদ্যমী সংগীতা পাচনিয়ে ৷ লটিঘটিৰ মুখ্য কাৰ্যবাহী লক্ষীনাথ হীৰাই জনোৱা মতে এই অ’ডিচনৰ পৰা সৰ্বমুঠ ৫০ গৰাকী নিৰ্বাচিত প্ৰতিযোগীক লৈ অসমীয়া কৃষ্টি-সংস্কৃতি, বিভিন্ন জাতি-জনজাতিৰ পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শনৰে অসমীয়া কেলেণ্ডাৰ গাৰ্ল ২০২১-২২ ৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । অহা ৬ মাৰ্চ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা ।

লগতে পঢ়ক:হাইলাকান্দিত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details