গুৱাহাটী, 14 মে : নগৰীয়া বা ঘৰৰ একঘেয়ামী ব্যস্ততাৰ পৰা আপুনি অলপ আঁতৰি প্ৰকৃতিৰ বুকত বিলীন হৈ অৱসৰ বিনোদন কৰিবলৈ গুৱাহাটীৰ আশে- পাশে যাব খুজিছে নেকি? তেনে চিন্তা নকৰিব আৰু বেছি দূৰলৈও যাব নালাগে আপুনি । কিয়নো গুৱাহাটীৰ নিচেই ওচৰতে থকা অসম-মেঘালয় সীমান্তৰ ৰাণীৰ পৰা গাড়ী লৈ বন্ধু-বান্ধৱ বা পৰিয়ালৰ সৈতে মেঘালয়ৰ জিৰাং পাথৰখামা, মাইৰাং হৈ শ্বিলঙলৈ এদিন যাওক আৰু উপভোগ কৰক নয়নাভিৰাম প্রাকৃতিক সৌন্দৰ্য (Natural scenario in Assam) ।
উল্লেখ্য যে, ৰাণীৰ পৰা মাইৰাং হৈ শ্বিলঙলৈ দূৰত্ব মাত্র 120 কিঃমিঃ আৰু এপ্ৰিল মাহত সমগ্ৰ পথছোৱাই দুই লেনযুক্তকৈ নিৰ্মাণ কৰা হৈছে । বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনিৰ জৰিয়তে শ্বিলঙৰ পৰা গুৱাহাটী সংযোগী জি এছ ৰোডৰ বিকল্প পথ হিচাপে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দলৈ যাতে সুচলভাবে অহা-যোৱা কৰিব পাৰে তাৰ বাবে শ্বিলঙৰ পৰা 40 কিলোমিটাৰ নিলগত পশ্চিম খাচী পাহাৰ জিলাৰ মফচলীয় চহৰ মাইৰাঙৰ পৰা পশ্চিম গুৱাহাটীৰ আজাৰা ৰাণীগেটলৈ 2021 চনৰ ফেব্ৰুৱাৰী মাহতে পূৰ্বৰ পথচোৱা দুইলেনযুক্ত পথলৈ উন্নীতকৰণৰ কাম আৰম্ভ কৰা হৈছিল (Places to visit in Assam) ।
196 কৌটি টকা ব্যয়ৰে নিৰ্মাণ কৰা প্ৰায় 79 কিলোমিটাৰ দৈৰ্ঘৰ মাইৰাং-ৰাণী গুদাম-আজাৰা সংযোগী পথচোৱা নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিচত যাতায়াতৰ ক্ষেত্ৰখনৰ লগতে পৰ্যটকৰ ক্ষেত্ৰখনতো আমূল পৰিৱৰ্তন অহাটো নিশ্চিত । স্মৰ্তব্য যে, বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ পৰা খানাপাৰা যোৰাবাট হৈ গ'লে শ্বিলঙলৈ যিমান দূৰত্ব সমানেই দূৰত্ব ৰাণী হৈ গ'লেও ৷ ৰাণী-শ্বিলং পথত কোনোধৰণৰ যান-জঁট সমস্যা, প্ৰদূষণ নাই বাবে আজিকালি বিমানবন্দৰলৈ দিনৰ ভাগত অহা-যোৱা কৰা লোকৰ বেছিভাগেই ৰাণী হৈ অহা-যোৱা কৰা দেখিবলৈ পোৱা যায় । তেনেদৰে পাহৰুৱা হ'লেও পথচোৱা যথেষ্ট আহল-বহলকৈ আৰু পথ সুৰক্ষাৰ বিধি অনুসৰি নিৰ্মাণ কৰা বাবে আন বহু পাহাৰীয়া পথৰ দৰে বিপজ্জনক নহয় (Tourist places in Assam) ।