অসম

assam

ETV Bharat / state

Jagannath Rath Yatra 2023: জগন্নাথ ৰথযাত্ৰা উপলক্ষে মহানগৰীত উচৱমুখৰ পৰিৱেশ

সমগ্ৰ দেশতে শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰাক কেন্দ্ৰ কৰি উখল-মাখল পৰিৱেশ । ব্য়তিক্ৰম নহয় গুৱাহাটী মহানগৰী । গুৱাহাটী মহানগৰীত ইস্কন গুৱাহাটীৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰে ২৩ সংখ্যক গুৱাহাটী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ আৰম্ভ কৰা ।

Lord Jagannath Rath Yatra begins in Guwahati
জগন্নাথ ৰথযাত্ৰা উপলক্ষে মহানগৰীত উচৱমুখৰ পৰিৱেশ

By

Published : Jun 20, 2023, 7:55 PM IST

জগন্নাথ ৰথযাত্ৰা উপলক্ষে মহানগৰীত উচৱমুখৰ পৰিৱেশ

গুৱাহাটী,২০ জুন: সমগ্ৰ দেশতে আজিৰে পৰা আৰম্ভ হৈছে শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা । হিন্দু পঞ্জিকা অনুসৰি আহাৰ মাহৰ শুক্ল পক্ষৰ দ্বিতীয় তাৰিখ ১৯ জুনৰ পুৱা ১১:২৫ বজাৰ পৰা আৰম্ভ হোৱা ৰথযাত্ৰা ২০ জুন অৰ্থাৎ আজি নিশা ০১:০৭ বজাত অন্ত পৰিব । ইফালে জগন্নাথ ৰথ যাত্ৰাত হাজাৰ হাজাৰ ভক্ত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ সমগ্ৰ দেশতে ৰথ যাত্ৰাৰ বাবে এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো ৰথযাত্ৰা উপলক্ষে এক উখল-মাখল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে । বিগত বৰ্ষবোৰৰ দৰে ইস্কন গুৱাহাটীৰ উদ্যোগত এইবাৰো ২৩ সংখ্যক গুৱাহাটী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ মংগলবাৰৰ পৰা অনুষ্ঠিত হয় । আজিৰ পৰা ২৮ জুনলৈ ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব এই ৰথযাত্ৰা ।

এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল গুলাৱ চান্দ কাটাৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা । উলুবাৰীস্থিত আশ্বী অপ্সৰাৰ পৰা আৰম্ভ হোৱা ৰথযাত্ৰা ভঙাগড়, গণেশগুৰি, আৰ পি ৰোড, লাষ্ট গে' ট, ছাৰ্ভে, বেলতলা তিনি আলি হৈ গৈ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত অন্ত পৰিব বুলি জানিবলৈ দিয়ে ইস্কন গুৱাহাটীৰ কৰ্মকৰ্তাসকলে ।

ৰথযাত্ৰাত সহস্ৰাধিক ভক্তই অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয় । ৯ দিনীয়াকৈ আয়োজিত এই মহোৎসৱত এইবাৰৰ মুখ্য আকৰ্ষণ হৈছে শ্ৰীমদ্ভাগৱত কথা । নতুন দিল্লীৰ দ্বাৰকাস্থিত ইস্কন মন্দিৰৰ উপ-সভাপতি আমোঘলীলা প্ৰভুৱে শ্ৰীমদ্ ভাগৱত কথাৰ প্ৰৱচন দাঙি ধৰিব এই ৰথযাত্ৰা মহোৎসৱত । ২৮ জুনত ওলোটা ৰথযাত্ৰাৰে শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা মহোৎসৱৰ সামৰণি পৰিব বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই ।

ইস্কন গুৱাহাটীৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি সামৰণি যাত্ৰা আৰম্ভ হ'ব মহানগৰীৰ দীঘলীপুখুৰীৰ পৰা আৰু অন্ত পৰিব উলুবাৰীৰ এ এছ টি চি পাৰ্কিংঙত । কেৱল ইস্কন গুৱাহাটীৰ উদ্যোগতে নহয়, হৰে কৃষ্ণ মন্দিৰ উত্তৰ গুৱাহাটীৰ উদ্যোগতো শ্ৰী জগন্নাথ ৰথ যাত্ৰা অনুষ্ঠিত হয় । বিয়লি ৩:০০ বজাত উত্তৰ-গুৱহাটীৰ হৰে কৃষ্ণ মন্দিৰৰ পৰা উত্তৰ গুৱাহাটীৰ দুৰ্গা মন্দিৰ মধ্যমখণ্ডলৈ আয়োজন হয় ৰথযাত্ৰাৰ ।

লগতে পঢ়ক:Assam Flood 2023: উজনি-নামনি ৰে’ল সেৱা স্তব্ধ হোৱাৰ আংশকা

ABOUT THE AUTHOR

...view details