গুৱাহাটী,৩০ জুলাই: স্থায়ী ঠিকনাৰে ৰবিবাৰৰে পৰা নতুন ৰূপ পাব অসম বিধানসভাই । ইতিহাস হ'ব অসম বিধানসভাৰ পুৰণি ভৱনটো । শনিবাৰে মুকলি কৰা হ'ব অসম বিধানসভাৰ নতুন ভৱনটো । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বিধানসভাৰ নতুন ভৱনটো । ইয়াৰ লগে লগে ইতিহাস হ'ব অসম বিধানসভাৰ পুৰণি ভৱনটোৰ 50 বছৰীয়া গৌৰৱোজ্বল ইতিহাস ।
উল্লেখ্য যে, 2009 চনতেই বিধানসভাৰ নতুন ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । বহু মহলীয়া এই ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত । পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত হিতেন্দ্র নাথ গোস্বামী অধ্যক্ষ হৈ থকাৰ সময়ত এদিনৰ বাবে নতুন ভৱনত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল । কিন্তু নৱ নিৰ্মিত ভৱনটোত কেতবোৰ কাৰিকৰী খুঁত ৰৈ যোৱাৰ বাবে পৰৱৰ্তী সময়ত পুনৰ পুৰণি ভৱনৰ পৰাই বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰা হয় আৰু নতুন ভৱনৰ বাকী থকা কাম-কাম আগবঢ়াই নিয়া হয় ।
পূর্বে এই ভৱনটো নিৰ্মাণৰ বাবে 234 কোটি টকা ধার্য কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ৰৈ যোৱা খুঁত দূৰ কৰি আন্তঃগাঁথনিৰ কিছু পৰিৱৰ্তন কৰা বাবে নিৰ্মাণ ব্যয় 351 কোটি টকালৈ বৃদ্ধি পায় । উল্লেখ্য যে, 1972 চনত শ্বিলঙৰ পৰা ৰাজধানী দিছপুৰলৈ স্থানান্তৰিত হোৱাৰ পাছৰে পৰা সুদীর্ঘ 50 টা বছৰে অসম বিধানসভাৰ কাম-কাজ বৰ্তমানৰ ভৱনটোৰ পৰা অব্যাহত আছিল । অসম বিধানসভাৰ দিছপুৰৰ পুৰণি ভৱনটোতে 13 গৰাকী অধ্যক্ষ, 17 গৰাকী উপাধ্যক্ষই কাৰ্যনিৰ্বাহ কৰাৰ লগতে 17 গৰাকী ৰাজ্যপাল আৰু 11 গৰাকী মুখ্যমন্ত্ৰীৰ স্মৃতি জড়িত হৈ আছে ।
তথ্য অনুসৰি, দিছপুৰৰ বৰ্তমানৰ এই বিধানসভা ভৱনত বিধানসভাৰ অধ্যক্ষৰূপে 1972 চনৰ 22 মাৰ্চৰ পৰা 1978 চনৰ 20 মাৰ্চলৈ ৰমেশ চন্দ্ৰ বৰুৱাই, 1979 চনৰ 4 ছেপ্টেম্বৰলৈ যোগেন্দ্ৰ নাথ হাজৰিকাই, 1986 চনৰ 7 জানুৱাৰীলৈ শেইখ চান্দ মহম্মদ, 1991 চনৰ 27 জুলাইলৈ পুলকেশ বৰুৱা, 1992 চনৰ 9 ডিচেম্বৰলৈ জীৱকান্ত গগৈ, 1996 চনৰ 11 জুনলৈ দেৱেশ চন্দ্র চক্ৰৱৰ্তী, 2001 চনৰ 24 মে’লৈ গণেশ কুটুম, 2006 চনৰ 19 মে’লৈ পৃথিৱী মাঝি, 2011 চনলৈ টংক বাহাদুৰ ৰায়, 2016 চনলৈ প্ৰণৱ কুমাৰ গগৈ, 2017 চনলৈ ৰঞ্জিত কুমাৰ দাস, 2021 চনলৈ হিতেন্দ্র নাথ গোস্বামীয়ে অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।