গুৱাহাটী, ১১ এপ্ৰিল :লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সোমবাৰে পুৱা অসম বিধানসভাত ভাৰতীয় কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ (ICPA) অষ্টম সংখ্যক সন্মিলনৰ শুভাৰম্ভ কৰে (Lok Sabha Speaker inaugurates ICPA Conference in Guwahati)। উল্লেখ্য যে, প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত কৰা হৈছে এই সন্মিলন । দুদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাত অনুষ্ঠিত হ'ব এই সন্মিলন ।
সোমবাৰৰ পৰা আৰম্ভ হোৱা এই সন্মিলনত ভাৰতবৰ্ষৰ ২২ খন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ সকলে ভাগ লৈছে । ইয়াৰোপৰি এই সন্মিলনৰ দুয়োদিনৰ কাৰ্যসূচীতে উপস্থিত থাকিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ লগতে লোকসভা আৰু ৰাজ্যসভাৰ বহুসংখ্যক সাংসদ ৷
লোকসভাৰ অধ্যক্ষই উদ্বোধন কৰিলে ICPA সন্মিলন স্মৰ্তব্য যে, ৯ আৰু ১০ এপ্ৰিলত ইতিমধ্যে অসমত অনুষ্ঠিত হৈছে কমনৱেল্থ পাৰ্লিয়ামেন্টেৰী এছ'চিয়েছনৰ সন্মিলন (ICPA Conference in Guwahati)। বিগত এই দুয়োটাদিনৰ সন্মিলনত ভাগ লৈছিল বিশ্বৰ ৪০ খন দেশৰ পৰা অহা প্ৰতিনিধিসকলে ।
ইয়াৰে ১২ খন দেশৰ প্ৰতিনিধি সোঁ-শৰীৰে এই সন্মিলনত উপস্থিত আছিল যদিও বাকী দেশসমূহৰ প্ৰতিনিধিসকলে ভাৰ্চুৱেলী এই সন্মিলনত অংশগ্ৰহণ কৰে । সোমবাৰে লোকসভাৰ অধ্যক্ষই শুভাৰম্ভ কৰা ICPAৰ উদ্বোধনী অনুষ্ঠানত এই ১২ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি সকলো উপস্থিত থাকে ।
লগতে পঢ়ক :প্ৰথমে কা’ এতিয়া আকৌ হিন্দী ভাষা জাপি দিছে চৰকাৰে : ৰকিবুল হুছেইন