গুৱাহাটী, ৩১ অক্টোবৰ:সমাগত ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ বিৰুদ্ধে অসমৰ সন্মিলিত বিৰোধী ঐক্যমঞ্চই বাৰুকৈয়ে শান দিছে ঢাল-তৰোৱালত ৷ বাৰুকৈয়ে এঘঁড়ী যুঁজাৰ মানসেৰে ব্লুপ্ৰিণ্ট ৰচিছে ৰাজ্যৰ কংগ্ৰেছৰ নেতৃত্বত গঠিত ১৫ বিৰোধী দলৰ ঐক্যমঞ্চই ৷ বিৰোধী ঐক্যমঞ্চৰ লোকসভা নিৰ্বাচনৰ সমীকৰণক লৈ সচেষ্ট হ’ব লগা হৈছে বিজেপি মিত্ৰজোঁট ৷ লোকসভা নিৰ্বাচনত বিজেপিৰ দুৰ্গত মোক্ষম আঘাত হনাৰ উদ্দেশ্যৰে বিৰোধী ঐক্য মঞ্চৰ নেতৃত্বই গুৰুত্ব দিছে প্ৰাৰ্থী নিৰ্বাচনত ৷ ৰাখিব খোজা নাই সুৰুঙা ৷
২০১৪ৰ পৰা বৰ্তমানলৈ উজনি আৰু মধ্য অসম ৰাজনৈতিকভাৱে বিজেপিৰ দখলত । বিজেপিৰ ব্যাপক বিস্তাৰ অব্যাহত আছে উজনি আৰু উত্তৰ অসমত৷ বিজেপিৰ দখলৰ পৰা নিজৰ দখললৈ আনিবলৈ প্ৰাৰম্ভিক ৰাজনৈতিক ব্লুপ্ৰিন্ট ৰচিছে ১৫ বিৰোধী দলন ঐক্যমঞ্চই । 2024 ৰ নিৰ্বাচনত উজনি অসমৰ দুটাকৈ গুৰুত্বপূৰ্ণ সমষ্টিত দুজনকৈ গুৰুত্বপূৰ্ণ নেতাক প্ৰক্ষেপ কৰিৰৰ বাবে প্ৰস্তুতি চলিছে বিৰোধী মিত্ৰজোঁটত ৷
পৰিকল্পনা অনুসৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক প্ৰক্ষেপ কৰিব যোৰহাট সমষ্টিৰ পৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰক্ষেপ কৰিব ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা । অসমত হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা হৈ আহিছে যে নগাঁও অথবা নতুনকৈ গঠন হোৱা কাজিৰঙা লোকসভা সমষ্টিৰ পৰা ২০২৪ৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব গৌৰৱ গগৈ ৷ কিন্তু এতিয়া ১৫ বিৰোধী দলৰ মঞ্চৰ পৰিকল্পনাত দেখা গৈছে দেখা গৈছে এক বিপৰীত ছবি ৷
আন এক পৰিকল্পনা অনুসৰি কাজিৰঙা বা নগাঁও সমষ্টিত নহয় উজনিৰ যোৰহাট সমষ্টিতহে নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে ৷ বিৰোধীৰ ঐক্য মঞ্চৰ প্ৰায় সকলো দলেই এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছে । ৰাইজৰ দলে প্ৰথম অৱস্থাত যোৰহাট আসনখন দাবী জনাইছিল যদিও ৷ পৰৱৰ্তী সময়ত বিজেপিক ৰোধ কৰাৰ স্বাৰ্থতে এইবাৰ লোকসভাত প্ৰতিদন্দিতা নকৰে বুলি ঘোষণা কৰিছিল অখিল গগৈয়ে ।
এতিয়া বিৰোধীৰ ঐক্য মঞ্চৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে যোৰহাট লোকসভা সমষ্টি । স্বাধীনতাৰ পিছৰে পৰা আহোম জনগোষ্ঠীৰ ভোটাৰে বিশেষ প্ৰাধান্য বিস্তাৰ কৰি আহিছে যোৰহাট লোকসভা সমষ্টিত ৷ বৰ্তমানৰ বিজেপি বিধায়ক গৰাকীও আহোম জনগোষ্ঠীৰেই ৷ ২০১৪ৰ পূৰ্বে তৰুণ গগৈৰ ঘনিষ্ঠ বিজয়কৃষ্ণ সন্দিকৈ আছিল যোৰহাটৰ কেইবাবাৰৰো সাংসদ ৷ এসময়ত কংগ্ৰেছৰ দুৰ্গ জ্ঞান কৰা হৈছিল আহোম ভোটাৰৰ প্ৰাধান্য থকা যোৰহাট লোকসভা সমষ্টিক ৷ এই যোৰহাটৰে পৰা এতিয়া সাংসদ গৌৰব গগৈক ভোট যুদ্ধত নমাবলৈ সাজু হৈছে ১৫ দলীয় বিৰোধী ৷
কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাটৰ পৰি প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ লগে লগে যোৰহাটক লৈ ওলট-পালট লাগিছে বিজেপি মিত্ৰজোঁটৰ পৰিকল্পনাত ৷ ইফালে লোকসভা নিৰ্বাচনৰ বতাহ বলা আৰম্ভ হোৱা সময়ৰ পৰাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে চৰ্চিত হৈ আহিছে জাতীয় পৰিষদৰ সভাপতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ নাম ৷ সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ শেহতীয়া আলোচনা মৰ্মে ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰীণজ্যোতি গগৈয়েই বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা ৷