গুৱাহাটী, ১ আগষ্ট :ৰাজ্য চৰকাৰে চৰকাৰী বিভাগত দক্ষতাৰে আৰু সততাৰে কাম কৰাৰ বাবে অসম চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত 99 গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক লোক কল্যাণ পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে (Lok Kalyan award declared by Assam Government) । গুৱাহাটীত সোমবাৰে অনুষ্ঠিত এখন সংবাদমেলত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই এই কথা সদৰী কৰে (Chief secretary of Assam announced Lok Kalyan award) ।
ইয়াৰে ১০ গৰাকী ৰাজ্যিক পৰ্যায়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু বাকী 89 গৰাকী 35 খন জিলাৰ জিলা পৰ্য্যায়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী । তাৰে ভিতৰত ১০ গৰাকী ক্ৰমে উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ (Assam Police Headquarters), বিত্ত বিভাগ (Finance Department), কৰ্মচাৰী বিভাগ (Personnel Department), অগ্নি আৰু আপদকালীন বিভাগ (Fire & Emergency Service),
পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগ (Hill Areas Department), আবাসন আৰু নগৰ উন্নয়ন পৰিক্ৰমা (Department Of Housing and Urban Affairs), সাধাৰণ প্ৰশাসন বিভাগ (General Administration Department), ARTPPG বিভাগ, সাধাৰণ প্ৰশাসন (এন) বিভাগ (General Administration (N) Department), ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ (Revenue and Disaster Management)ৰ ৰাজ্যিক পৰ্যায়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ।