গুৱাহাটী,27 মাৰ্চঃ লক ডাউনৰ সময়ত অত্যাৱশ্যকীয় সমগ্ৰী ক্ৰয় ক্ষেত্ৰত কিছু সকাহ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। লক ডাউনক লৈ চিন্তিত গো-পালক সকল। বিগত ছয় দিন ধৰি গো-পালকৰ পৰা গাখীৰ ক্ৰয় কৰা নাই বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই। যাৰ বাবে গাখীৰ পৰা ক্ৰীম উলিয়াবলৈ বাধ্য হৈছে গো-পালকসকলে। গাখীৰ বিক্ৰী ক্ষেত্ৰত অসম চৰকাৰক বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় গো-পালকসকলে ৷
লক ডাউনক লৈ সমস্যাৰ সম্মুখীন গো-পালক - বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থা
লকডাউন লৈ চিন্তিত গো-পালক সকল। বিগত ছয় দিন ধৰি গো-পালকৰ পৰা গাখীৰ ক্ৰয় কৰা নাই বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই । যাৰ বাবে গাখীৰ পৰা ক্ৰীম উলিয়াবলৈ বাধ্য হৈছে গো-পালক সকলে।
![লক ডাউনক লৈ সমস্যাৰ সম্মুখীন গো-পালক lockdown](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6567138-660-6567138-1585324824764.jpg)
লক ডাউনকলৈ সমস্যাৰ সম্মুখীন গো-পালক
লক ডাউনকলৈ সমস্যাৰ সম্মুখীন গো-পালক
আনহাতে, বিশ্বৰ এনে সংকতময় সময়ত একাংশ অসাধু ব্যৱসায়ীয়ে গো খাদ্যৰ দাম বৃদ্ধি কৰাৰ অভিযোগ তুলিছে গো-পালকসকল। এতিয়া গো-পালকসকলৰ শেষ আশা ৰাজ্য চৰকাৰৰ ওপৰত। চৰকাৰে যদি গাখীৰ বিক্ৰীৰ কৰাৰ বাবে কোনে ব্যৱস্থা গ্ৰহণ নকৰে তেনে হ'লে অহা দিনত বহু সংকটত পাৰিব গো-পালকসকলে। লক-ডাউনৰ বাবে গো খাদ্য সামগ্ৰী সংকট হোৱা বুলি অভিযোগ কৰে গো-পালক সকলে। বহু গো-পালকসকল গাখীৰ বজাৰলৈ লৈ যাব পৰা নাই যাৰ বাবে নলাত গাখীৰ পেলাবলৈ বাধ্য হৈছে ।