গুৱাহাটী, 29 মাৰ্চঃ সমগ্ৰ ভাৰততে কৰ'ণা ভাইৰাছক লৈ দিয়া হৈছে লক ডাউন । এই লক ডাউনৰ সময়ত যাতে সকলো ঘৰতে থাকি কটাই তাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা হৈছে এক বিশেষ প্ৰতিযোগিতা ।
লক ডাউনঃ গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ অনলাইন প্ৰতিযোগিতা - online compitition
গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত বিশেষ প্ৰতিযোগিতা অনুষ্ঠিত ৷ বয়সৰ কোনো সীমা নথকা এই প্ৰতিযোগিতাত নিজৰ কবিতা, অনুগল্প, এশৰীয়া গল্প, কাৰ্টুন আৰু কবিতা আবৃত্তি কৰি গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ মেইল আৰু হোৱাটছ্আপ নম্বৰত পঠাব পাৰিব ৷
এই প্ৰতিযোগিতা খনৰ বিষয়ে গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ কৰ্মী মিন্টু নাথে কয়, "বয়সৰ কোনো সীমা নথকা এই প্ৰতিযোগিতাত সকলোৱে নিজৰ কবিতা, অনুগল্প, এশৰীয়া গল্প , কাৰ্টুন আৰু কবিতা আবৃত্তি (১২বছৰ তলৰ) সমূহ গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ মেইল আৰু হোৱাটছ্এপ নম্বৰত পঠাব পাৰিব । লেখা সমূহ অসমীয়া, ইংৰাজী, হিন্দী তিনিটা ভাষাটে গ্ৰহণ কৰা হ'ব । জমা দিয়াৰ অন্তিম তাৰিখ ১০ এপ্ৰিল ।
আনহাতে,জমা দিয়াৰ ঠিকনা-মেইল: nondan786@gmail.com আৰু হোৱাটছ্এপ নম্বৰ: 86384-18381, 84868-44852, 60021-06895