গুৱাহাটী,24 মাৰ্চ:চিৰবৈৰী চীন দেশসৃষ্ট মহামাৰী কৰ'ণাৰ কাল ধুমুহাত তচনচ হৈ পৰিছিল সমগ্ৰ বিশ্ব ৷ কৰ'ণাকালত সৃষ্ট লক ডাউনৰ ফলত স্তব্ধ হৈ পৰিছিল সমগ্ৰ দেশ ৷ কৰ'ণাকালৰ প্ৰভাৱত কিমানৰ জীৱনলৈ নামি আহিছিল কাল ধুমুহা সেই কথা কোনেও পাহৰিব নোৱাৰে ৷ কৰ'ণাসৃষ্ট লক ডাউনৰ সেই বিভীষিকাময় পৰিৱেশে বিশেষকৈ সাধাৰণ খাটিখোৱা লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছিল ৷ বহিবিশ্বৰে সংযোগ বিচ্ছিন্ন হৈ পৰিছিল ইতিহাস প্ৰসিদ্ধ উমানন্দ মন্দিৰ ৷
লক ডাউনক সুঁৱৰিলে উমানন্দ মন্দিৰৰ পূজাৰীয়ে - ঐতিহ্যমণ্ডিত উমানন্দ মন্দিৰ
চিৰবৈৰী চীন দেশৰ পৰা আৰম্ভ হোৱা মহামাৰী কৰ'ণাৰ কাল ধুমুহাত তচনচ হৈ পৰিছিল সমগ্ৰ বিশ্ব ৷ কৰ'ণাকালত সৃষ্ট লক ডাউনৰ ফলত স্তব্ধ হৈ পৰিছিল সমগ্ৰ দেশ ৷ কৰ'ণাকালৰ প্ৰভাৱত কিমানৰ জীৱনলৈ নামি আহিছিল কাল ধুমুহা, সেই কথা কোনেও পাহৰিব নোৱাৰে ৷ কৰ'ণাসৃষ্ট লক ডাউনৰ সেই বিভীষিকাময় পৰিৱেশে বিশেষকৈ সাধাৰণ খাটিখোৱা লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছিল ৷ বহিবিশ্বৰে সংযোগ বিচ্ছিন্ন হৈ পৰিছিল ইতিহাস প্ৰসিদ্ধ উমানন্দ মন্দিৰ ৷
লক ডাউনৰ সময়ছোৱাত বিশ্ব বিখ্যাত উমানন্দ মন্দিৰত বন্দী হৈ আছিল চাৰিগৰাকীকৈ পূজাৰী ৷ সেই সময়ত নাছিল কোনো পোহৰৰ ব্যৱস্থা, নাছিল কোনো খাদ্য সামগ্ৰী ৷ পূজাৰী কেইজনে ভোকে-লঘোণে সেই বিভীষিকাময় পৰিৱেশৰ কথা বৰ্ণনা কৰিলে ইটিভি ভাৰতৰ সাংবাদিকক ৷ আনহাতে, খাটি খোৱা একাংশ সাধাৰণ লোকৰ জীৱনত লক ডাউনে বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল ৷ দিন-হাজিৰা কৰি নিজৰ লগতে পৰিয়াল পোহ-পাল দিয়া লোকসকলে তলাবন্ধৰ সময়ত গৃহবন্দী হৈ পৰাত খাদ্যৰ অভাৱত ভোগাৰ লগতে বিভিন্ন অবৰ্ণনীয় পৰিৱেশৰ মুখামুখি হৈছিল । সম্প্ৰতি দেশৰ কেবাখনো ৰাজ্যত যিহেতু কৰ’ণাৰ সংহাৰী ৰূপৰ বাবে লক ডাউন দিয়া হৈছে ৷ সেয়েহে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত একাংশ সাধাৰণ লোকে লক ডাউনৰ সময়বোৰৰ কথা সুঁৱৰি পুনৰ লক ডাউন হোৱাৰ আংশকা ব্যক্ত কৰি শংকিত হৈ পৰিছে ।
লগতে পঢ়কঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবি "ৰণুৱা"ৰ পৰিচালক চন্দ্ৰ মুদৈৰ সৈতে বিশেষ সাক্ষাৎকাৰ