অসম

assam

ETV Bharat / state

স্তব্ধ ব্যৱসায় : হতাশাত ভুগিছে ৰাজ্যৰ ব্যৱসায়ীয়ে !

লক্ ডাউনত বিধ্বস্ত দেশৰ অৰ্থনীতি ৷ হতাশাত ব্যৱসায়ীসকল ৷ লক্ ডাউনৰ ফলত অসমৰ ব‍্যৱসায়ী সকল প্ৰতিদিনে প্ৰায় এক হাজাৰ কোটি টকাৰ লোকচানৰ সন্মূখীন হৈছে আৰু লক্ ডাউন খোলাৰ পাচতো ৪০০ কোটি টকা লোকচান হৈছে।

By

Published : May 12, 2020, 8:36 PM IST

lock down shuts business
lock down shuts business

গুৱাহাটী, 12 মে' : দীঘলীয়া পৰ্যায়ৰ লক্ ডাউনৰ পাচত এতিয়া হতাশগ্ৰস্ত হৈছে ব‍্যৱসায়ী সকল। যোৱা ডেৰমাহ ধৰি সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰিছে সকলো ব‍্যৱসায়িক প্ৰতিষ্ঠান। অসমত মুঠ ৬৪ হাজাৰ ক্ষুদ্ৰ, মধ‍্যম আৰু বৃহৎ উদ‍্যোগ আছে। এই উদ‍্যোগ সমূহে অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ ৪.০৯ লাখ কোটি টকা ৰাজহৰ ৩৯ শতাংশই যোগান ধৰে। ইয়াৰে ১৭ শতাংশ কৃষি আৰু ৪৪ শতাংশ সেৱা খণ্ডৰ পৰা আহে । উদ‍্যোগিক খণ্ডটোৱে অসমত প্ৰত্যক্ষভাৱে ১০ লাখ আৰু পৰোক্ষ ভাৱে ২০ লাখ মানুহক সংস্থাপন দি আহিছে ।

আনহাতে অসম চেম্বাৰ্চ অৱ কমাৰ্চৰ অধ‍্যক্ষ ৰূপম গোস্বামীয়ে কয়, লক্ ডাউনৰ ফলত অসমৰ ব‍্যৱসায়ী সকল প্ৰতিদিনে প্ৰায় এক হাজাৰ কোটি টকাৰ লোকচানৰ সন্মূখীন হৈছে আৰু লক্ ডাউন খোলাৰ পাচতো ৪০০ কোটি টকা লোকচান হৈছে।

স্তব্ধ ব্যৱসায় : হতাশাত ভুগিছে ৰাজ্যৰ ব্যৱসায়ীয়ে !
ব্যৱসায়ী বিনোদ লোহীয়াই কয়, "এইবছৰটো আমি বিকাশৰ কথাটো ভবাই নাই ৷ আমাৰ এটাই আশা এই বৰ্ষটো কেনেকৈ চলাই নিব পাৰোঁ, ভালদৰে নহ'লেও চলাই নিব পাৰিলেই যথেষ্ঠ। ইয়াৰ ওপৰি কৰ্মচাৰীৰ দৰমহা দিয়াৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে" ৷

আনহাতে বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডঃ সংগীতা দত্তই কয়, বৰ্তমান পৰিস্থিতিত অকল ব‍্যৱসায়ীয়েই নহয় সকলো ধৰণৰ লোক হতাশাত ভোগা পৰিলক্ষিত হৈছে। কিন্তু এইটো এটা চিৰস্থায়ী পৰিস্থিতি বুলি ভবাটো উচিত নহয় । covid-১৯ হৈ থাকিলেও ইয়াৰ পৰিৱৰ্তন হ'ব। মানুহে এতিয়া যিমান পাৰে ঘৰতে পৰিয়ালক সময় দিয়া, কিতাপ পঢ়া, ব‍্যায়াম আদি কৰাত ব‍্যস্ত থাকি স্বাভাৱিক পৰিস্থিতি ঘূৰি অহালৈ বাট চাব লাগে ।

লগতে পঢ়ক : 'ডাষ্টবিনত জাৱৰ-জোঁথৰ ভৰ্তি হ'লে বেল বাজি উঠিব পৌৰ সভাৰ কাৰ্যালয়ত '

ABOUT THE AUTHOR

...view details