গুৱাহাটী,13 মে': লক্ ডাউনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে অসমৰ ভ্ৰাম্যমান জগত ৷ যোৱা বৰ্ষত লক্ ডাউনৰ বাবেই আধাতে সামৰিব লগা হ'ল ভ্ৰাম্যমাণ দল সমূহৰ নাটক ৷ থলুৱা লোকেৰে দপদপাই থকা এই বৃহৎ উদ্যোগটোত জড়িত হাজাৰ হাজাৰ শিল্পী কলা-কুশলীৰ মাজত এতিয়া হাহাকাৰ অৱস্থা ৷
লক্ ডাউন : বেয়াকৈ ক্ষতিগ্ৰস্ত ভ্ৰাম্যমান জগত !
লক্ ডাউনে বিধ্বস্ত কৰিছে বহুতৰে জীৱন ৷ মহামাৰীৰ পৰা ৰক্ষা পৰিবলৈ লক্ ডাউনেই শেষ অস্ত্ৰ যদিও বহুতৰে জীৱনলৈ ধুমুহা নমাই আনিছে এই দীঘলীয়া লক্ ডাউনে ৷ আৰ্থিক,শৈক্ষিক,সাংস্কৃতিক তিনিওটা ক্ষেত্ৰতে পৰিছে ইয়াৰ ব্যাপক প্ৰভাৱ৷ ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰ চহকী কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা ভ্ৰাম্যমাণ জগতলৈ নামি আহিছে অন্ধকাৰ ৷ বৃহৎ উদ্যোগটোৰ লগত জড়িত হাজাৰ হাজাৰ শিল্পী, কলা-কুশলীৰ এতিয়া লক্ ডাউনৰ বাবে হাহাকাৰ অৱস্থা ৷
লক্ ডাউনঃবেয়াকৈ ক্ষতিগ্ৰস্ত ভ্ৰাম্যমান জগত
কিন্তু এনে এক ভয়াৱহ পৰিস্থিতিৰ মাজতে এই বৰ্ষৰ বাবে সাজু হৈছে বহুজন ৷ লক্ ডাউনৰ সময়ছোৱাতে বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য ব্যস্ত হৈ আছে নাটক ৰচনাত ৷ তেওঁ আশা কৰিছে অতি শীঘ্ৰে পূৰ্বৰ দিন ঘূৰি আহিব ভ্ৰাম্যমান জগতলৈ ৷
লগতে পঢ়কঃঋষি কাপুৰৰ শ্ৰাদ্ধঃ ৰিধিমা, ৰণবীৰ, আলিয়া, কৰিশ্মাৰ প্ৰাৰ্থনা