গুৱাহাটী,30 জুনঃআজি ১৪ দিনীয়া লক ডাউনৰ দ্বিতীয়টো দিন। মহানগৰীৰ ভিতৰৰ বিভিন্ন অঞ্চলত আৰক্ষী আৰু প্ৰশাসন লক ডাউন সফল কৰি ৰাখিবলৈ তৎপৰ হৈ থকাৰ মাজতে ৰাষ্ট্রীয় ঘাইপথৰ বিভিন্ন অঞ্চলটো আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা। গুৱাহাটী মহানগৰীৰ পৰা যাতে কোনো লোকে ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিব নোৱাৰে ইয়াৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছে মহানগৰ আৰক্ষীয়ে। গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিব পৰা প্ৰতিটো পইণ্টতে নিয়োজিত হৈ আছে আৰক্ষীৰ লোক। বৰাগাঁও,কটাবাৰী,লাখৰা,বশিষ্ট,খানাপাৰা সকলো পইণ্টতে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা। অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত বাহন আৰু ব্যক্তিৰ বাহিৰে কোনো লোকে যাতে ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীত প্ৰৱেশ কৰিব নোৱাৰে অথবা গুৱাহাটীৰ পৰা ওলাই যাব নোৱাৰে ইয়াৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছে আৰক্ষীয়ে। পুৱাৰ ভাগৰে পৰা আৰক্ষীৰ লোকসকলে উক্ত পইণ্ট কেইটাত নিয়োজিত হৈ গুৱাহাটী প্ৰৱেশ কৰা আৰু ওলাই যোৱা বাহন সমূহৰ নথি-পত্ৰ পৰীক্ষা কৰিহে বাহন সমূহক প্ৰৱেশ আৰু ওলাই যোৱাৰ অনুমতি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ সমান্তৰালে মহানগৰীৰ ভিতৰতো লক ডাউনৰ নীতি নিৰ্দেশনা সঠিক ভাৱে পালন কৰিবলৈ আৰক্ষীয়ে ৰাইজক আহ্বান জনাই আহিছে। ১৪ দিনীয়া লক ডাউনৰ প্ৰথমটো দিনা মহানগৰীত মাস্ক পৰিধান নকৰা লোকৰ পৰা আৰক্ষীয়ে ৩ হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰিছিল। আৰক্ষীয়ে প্ৰথমদিনা লক ডাউন আইন ভংগ কৰা ১১২ খন বাহনৰ লগতে ২৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল।
দ্বিতীয় দিনা লক ডাউনঃ স্তব্ধ গুৱাহাটী
দেওবাৰ নিশাৰ পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে লক ডাউন। সোমৱাৰে মহানগৰীত সফলতাৰে লক ডাউনৰ প্ৰথমটো দিন পাৰ হোৱাৰ পিছত মঙলবাৰেও লক ডাউন সফল কৰিবলৈ তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী। মহানগৰীৰ বিভিন্ন অঞ্চলৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথতো আৰক্ষী সষ্টম।
দ্বিতীয় দিনা লক ডাউনঃ স্তব্ধ গুৱাহাটী
লগতে চাওকঃ বানৰ বিভীষিকা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰলৈ ঢাপলি বন্যজীৱৰ
আনহাতে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে লক ডাউন ঘোষণা কৰাৰ পিছত মেঘায়লৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা মেঘালয়ৰ অঞ্চল সমূহতো সম্পূৰ্ণ লক ডাউন ঘোষণা কৰিছে। গুৱাহাটীত লক ডাউনৰ সময়ত যাতে কোনো লোকে মেঘালয়ত যাতে প্ৰৱেশ নকৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কনৰাড চাংমাই গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা মেঘালয়ৰ অঞ্চল সমূহতো লক ডাউন ঘোষণা কৰিছে।
Last Updated : Jun 30, 2020, 12:02 PM IST