গুৱাহাটী, 24 জুনঃ মঙলবাৰে নিশাৰ পৰা গুৱাহাটীৰ কেইটামান নিৰ্দিষ্ট স্থানত আৰম্ভ হ'ল লক ডাউন ৷ শেহতীয়াকৈ এই স্থান সমূহত সংঘটিত হোৱা গণ সংক্ৰমণৰ বাবেই ৰাজ্য চৰকাৰে লৈছে এই সিদ্ধান্ত ৷
লক ডাউন সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই কয় যে, প্ৰতিটো স্থানতে অসামৰিক পোছাকত থাকিব আৰক্ষীৰ লোক। লক ডাউনৰ কৱলত থকা এলেকা জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষীয়ে কঠোৰ নজৰত ৰাখিব। ইফালে নিয়ম ভংগ কৰিলেই কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে মহানগৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷ লগতে ৰাইজক আৰক্ষী-প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনাই তেওঁ ৷