গুৱাহাটী, ১৮ নৱেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ যুৱ মহোৎসৱ ২০২১-২২ বৰ্ষৰ (GU Youth Festival 2021-22) ‘‘শ্ৰেষ্ঠ মহাবিদ্যালয় সন্মান’’ লাভ কৰিবলৈ সক্ষম হৈছে লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ে (Luit Konwar Rudra Barua State College Of Music) ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অন্তৰ্গত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ে এই সন্মান লাভ কৰাত স্বাভাবিকতে উৎফুল্লিত হৈ পৰিছে শিক্ষাৰ্থীসকল ৷
তাৰোপৰি এই সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী মৰমী শৰ্মাই লাভ কৰে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ খিতাপ । শুকুৰবাৰে লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয় প্ৰাংগনত আয়োজিত এক বিশেষ বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা শ্ৰেষ্ঠ মহাবিদ্যালয় সন্মানকে ধৰি মুঠ ১৪ টা শিতানত লাভ কৰা বঁটা সমূহ প্ৰদান কৰা হয় ।
উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় তৰফৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ কল্যান বিভাগৰ সঞ্চালক ড৹ ৰঞ্জন কাকতি, সংস্কৃতি সঞ্চালকালয় অসমৰ, সহকাৰী গৱেষণা বিষয়া অমৰজ্যোতি কলিতা উপস্থিত থাকে ৷ উক্ত অনুষ্ঠানতে লুইত কোৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ পণ্ডিত বিদ্যুৎ মিশ্ৰৰ হাতত অৰ্পন কৰা হয় আন্তঃ যুৱ মহোৎসৱৰ ‘‘শ্ৰেষ্ঠ মহাবিদ্যালয় সন্মান’’ বঁটা ।