অসম

assam

ETV Bharat / state

Liver transplant in Assam : আয়ুসুন্দ্ৰা হাস্পতালত আৰম্ভ হ'ব যকৃত সংৰোপণৰ চিকিৎসা - Gleneagles Global Health City

প্ৰতিবছৰে শ শ লোকে যকৃতৰ চিকিৎসা বা সংৰোপণৰ বাবে অসমৰ বাহিৰলৈ যাবলগীয়া হয় । অসমত এই ক্ষেত্ৰত উন্নত চিকিৎসাৰ সুবিধা নথকাৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈ আহিছে ৰোগীসকল (Treatment for liver transplant)। ইয়াৰ মাজতে এক আশাৰ বতৰা । গুৱাহাটীস্থিত আয়ুসুন্দ্ৰা ছুপাৰস্পেচিয়েলিটি হাস্পতালত যকৃত সংৰোপণৰ চিকিৎসা আৰম্ভ কৰাৰ যো-জা চলোৱা হৈছে ।

Liver transplant in Assam
আয়ুসুন্দ্ৰা হাস্পতালত আৰম্ভ হ'ব যকৃত সংৰোপণৰ চিকিৎসা

By

Published : Apr 1, 2023, 10:26 AM IST

আয়ুসুন্দ্ৰা হাস্পতালত আৰম্ভ হ'ব যকৃত সংৰোপণৰ চিকিৎসা

গুৱাহাটী, ৩১ মার্চ :যকৃত সংৰোপণৰ বাবে এতিয়া আৰু আপুনি বহিঃৰাজ্যলৈ যোৱাৰ প্ৰয়োজন নাথাকিব । কাৰণ অসমতে আৰম্ভ হ'ব এই জটিল অস্ত্ৰোপচাৰ । শীঘ্ৰে গুৱাহাটীৰ আয়ুসুন্দ্ৰা ছুপাৰস্পেচিয়েলিটি হাস্পতালত আৰম্ভ হ'ব যকৃত সংৰোপণৰ (লিভাৰ ট্রান্সপ্লান্টেচন) চিকিৎসা (Liver transplant Treatment to start in Assam)। চেন্নাইৰ গ্লেনিগেলচ গ্লোবেল হেল্থ চিটি হাস্পতালৰ তত্বাৱধানত গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা ছুপাৰস্পেচিয়েলিটি হাস্পতালত এই চিকিৎসা কৰা হ'ব ।

শুকুৰবাৰে আয়ুৰসুন্দ্ৰা ছুপাৰস্পেচিয়েলিটি হাস্পতালত আয়োজিত এক সংবাদমেলত এই বিষয়ে ঘোষণা কৰে গ্লেনিগেলচ গ্লোবেল হেল্থ চিটি হাস্পতালৰ কৰ্পোৰেট ৰিলেশ্বনৰ মুখ্য বিষয়া বি ৰেড্ডীয়ে (Gleneagles Global Health City)। ইতিমধ্যে দুয়োখন চিকিৎসালয়ৰ মাজত সম্পাদিত বুজাবুজি চুক্তি অনুসৰি এই চিকিৎসাৰ প্ৰাৰম্ভিক চিকিৎসা আয়ুসুন্দ্ৰা ছুপাৰস্পেচিয়েলিটি হাস্পতালত আৰম্ভ হৈছে আৰু অংগ সংৰোপণৰ যাৱতীয় অনুজ্ঞাপত্ৰৰ বাবে কামো চলি থকা বুলি মুখ্য বিষয়া বি ৰেড্ডীয়ে উল্লেখ কৰে ।

উক্ত সংবাদমেলত উপস্থিত থকা গ্লেনিগেলচ গ্লোবেল হেল্থ চিটি হাস্পতালৰ লিভাৰ ট্রান্সপ্লান্টেচন চাৰ্জাৰীৰ মুখ্য চিকিৎসক ডাঃ শ্রীনিবাস ৰেড্ডীয়ে এই চিকিৎসা প্ৰসংগত বক্তব্য আগবঢ়ায় । তেওঁ কয় যে দেশত লিভাৰ বা যকৃতজনিত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে আৰু ইয়াৰ মুখ্য কাৰণবোৰৰ ভিতৰত অন্যতম হ'ল জীৱন শৈলীৰ পৰিৱৰ্তন, ফেটি লিভাৰ আৰু মদ্যপান ।

নিয়মীয়া শাৰীৰিক শ্রম, ব্যায়াম, খাদ্যাভাসৰ নিয়ন্ত্ৰণ আৰু মদ্যপান ত্যাগে বহুতৰে জীৱন ৰক্ষা কৰিব পাৰে । যিহেতু যকৃত সংৰোপণৰ দৰে চিকিৎসা ব্যয় বহুল আৰু সহজ লভ্য নহয়, সেয়ে সকলোৱে সাৱধান হোৱা উচিত । সংবাদমেলত আয়ুসুন্দ্ৰা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ মুখ্য প্রশাসনিক বিষয়া মনোজ কুমাৰ ডেকাই কয় যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা যাৱতীয় অনুজ্ঞাপত্ৰ লাভ কৰাৰ পাছতেই আয়ুৰসুন্দ্ৰা ছুপাৰস্পেচিয়েলিটি হাস্পতালত এই যকৃত সংৰোপণৰ চিকিৎসা আৰম্ভ কৰা হ'ব ।

ইতিমধ্যে এই চিকিৎসাৰ বাবে যাৱতীয় আন্তঃগাঁথনিৰ কামো সম্পূৰ্ণ হৈছে আৰু চিকিৎসক, নার্চ, চিকিৎসাকর্মী আদিৰ প্ৰশিক্ষণ দি থকা বুলিও ডেকাই কয় । তেওঁ লগতে কয় যে প্ৰাৰম্ভিক পৰ্যায়ত এবছৰ দুবছৰলৈকে কোনো লাভৰ কথা চিন্তা নকৰাকৈয়ে এই চিকিৎসা প্ৰদান কৰা হ'ব । ন্যূনতম খৰছতে এই চিকিৎসা সেৱা আগবঢ়োৱাৰ চেষ্টা কৰা হ'ব ।

সম্প্রতি আয়ুৰসুন্দ্ৰা ছুপাৰস্পেচিয়েলিটি হাস্পতালত যকৃতৰ ৰোগত আক্ৰান্ত ৰোগী ডাঃ মায়ংক আগৰৱালাৰ তত্বাৱধানত চিকিৎসা আগবঢ়োৱা হয় আৰু প্ৰতিমাহে চেন্নাইৰ গ্লেনিগেলচ গ্লোবেল হেল্থ চিটি হাস্পতালৰ দল এটাই গুৱাহাটীলৈ আহি তেওঁক সহায় আগবঢ়ায় । গুৱাহাটীত যকৃতৰ সংৰোপণ আৰম্ভ হোৱাৰ লগে লগে ৰোগীৰ চিকিৎসাৰ ব্যয়ো হ্ৰাস পাব । তেওঁ কয় যে জটিল ৰোগত আক্রান্ত হ'লেই জীৱনৰ শেষ নহয়, এই শেষতো লুকাই থাকে আৰম্ভণিৰ নতুন সন্ধান । এই ক্ষেত্ৰত এগৰাকী সাংবাদিকৰ তেওঁ উদাহৰণ দাঙি ধৰে ।

সংবাদমেলত উপস্থিত থকা সাংবাদিকগৰাকীক তেওঁ উত্তৰ-পূৰ্বাঞ্চলত লিভাৰৰ ৰোগত অসুস্থ হৈ থকা ৰোগীসকলৰ বাবে আশা দিব পৰা এক বাটকটীয়া হ'ব পাৰে বুলি উল্লেখ কৰে । মনোজ ডেকাই কয়, 'আমি আশা কৰিম ভৱিষ্যতলৈ সাংবাদিকগৰাকীয়ে ৰাইজক যকৃত ৰোগৰ পৰা ৰক্ষা পাবলৈ কি কৰিব লাগে, কি কৰিব নালাগে আৰু ইয়াৰ চিকিৎসাৰ উপায় বা সুবিধা সম্পৰ্কে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ বাবে আগভাগ ল'ব ।' সংবাদমেলত ডাঃ প্যেৰিত শৰ্মা, চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱ বৰুৱাও উপস্থিত থাকে ।

লগতে পঢ়ক :Disqualification of Rahul Gandhi: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ সৰৱ ধেমাজি কংগ্ৰেছ

ABOUT THE AUTHOR

...view details