অসম

assam

ETV Bharat / state

Shivnath Barman Hospitalized : গুৰুতৰভাবে অসুস্থ বিশিষ্ট সাহিত্যিক ড৹ শিৱনাথ বর্মন

যোৱা ৩ ডিচেম্বৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছে বিশিষ্ট সাহিত্যিক ড৹ শিৱনাথ বৰ্মন । বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা তেওঁৰ চিকিৎসা চলাই থকা হৈছে (Helath condition of Shivnath Barman)। তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।

Helath condition of Shivnath Barman
চিকিৎসাধীন বিশিষ্ট সাহিত্যিক ড৹ শিবনাথ বর্মন

By

Published : Dec 9, 2022, 4:44 PM IST

Updated : Dec 9, 2022, 7:04 PM IST

গুৱাহাটী, ৯ ডিচেম্বৰ : বিশিষ্ট শিক্ষাবিদ, লেখক, সাংবাদিক ড৹ শিবনাথ বর্মন গুৰুতৰভাৱে অসুস্থ হৈছে । বিশিষ্ট সাহিত্যিকগৰাকী সম্প্ৰতি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে (Journalist Dr Shivnath Barman Hospitalised) । জানিব পৰা মতে ৩ ডিচেম্বৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছে বিশিষ্ট সাহিত্যিকগৰাকী ।

ড৹ শিৱনাথ বৰ্মনৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত নেমকেয়াৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা তেওঁৰ চিকিৎসা চলাই থকা হৈছে (Helath condition of Shivnath Barman)। তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক বুলি জানিবলৈ দিছে চিকিৎসালয় কৰ্তৃপক্ষই । সম্প্ৰতি তেওঁ ভেন্টিলেশ্যনত আছে বুলি জনাইছে কৰ্তৃপক্ষই ।

ইয়াৰ পূৰ্বেও গুৰুতৰভাৱে অসুস্থ হৈ নেমকেয়াৰত ভৰ্তি হৈছিল ড৹ বৰ্মন । মধুমেহকে ধৰি আন আন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত বিশিষ্ট শিক্ষাবিদ তথা সাংবাদিকগৰাকী । উল্লেখ্য যে, আৰ্য মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰা ড৹ বৰ্মনৰ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ ভিতৰত 'শ্ৰীমন্ত শংকৰদেৱ: কৃতি আৰু কৃতিত্ব','অসমৰ জনজাতি সমস্যা', 'অসমীয়া জীৱনী অভিধান’,‘ভাৰতীয় চিন্তা' 'ক্ষুদ্রতম কণাৰ সন্ধানত' আদি অন্যতম । তেওঁ 'জনসাধাৰণ' বাতৰি কাকতৰ মুখ্য সম্পাদকৰূপেও সেৱা আগবঢ়াইছে ৷

সাহিত্য জগতলৈ তেখেতৰ জীৱনজোৰা অৱদানৰ বাবে বৰেণ্য সাহিত্যিকগৰাকীক প্ৰদান কৰা হয় 'ভাষাৰ ওজা' সন্মান । এই বছৰৰ আৰম্ভণিতে ড° বৰ্মনক প্ৰদান কৰা হৈছে অসম সাহিত্য সভাৰ 'ছগনলাল জৈন বঁটা' । তেওঁৰ আশু আৰোগ্য কামনা কৰিছে অসংখ্য শিষ্য, অনুৰাগী আৰু শুভাকাংক্ষীয়ে ।

উল্লেখ্য যে চলিত বছৰৰে জুলাই মাহত বিশিষ্ট সাহিত্যিকগৰাকীক স্বাস্থ্যজনিত কাৰণত নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । আইচিইউত ৰখা হৈছিল তেওঁক । মধুমেহ, বৃক্কৰ ৰোগৰ লগতে হৃদৰোগতো আক্ৰান্ত আছিল ড৹ শিবনাথ বর্মন । অৱশ্যে স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাৰ লগে লগে তেওঁক ঘৰলৈ লৈ যোৱা হৈছিল । কিন্তু পুনৰবাৰ তেওঁ হাস্পতালত ভৰ্তি কৰাৰ লগে লগতে তেওঁ পৰিয়াল আৰু শুভাকাংক্ষীসকল উদ্বিগ্ন হৈ পৰিছে ।

লগতে পঢ়ক :Bhaul Festival Of Assam: আঘোণৰ পূৰ্ণিমাৰ নিশা সত্ৰনগৰীত ঘৰে ঘৰে ঠিয় নাম পৰিৱেশন

Last Updated : Dec 9, 2022, 7:04 PM IST

ABOUT THE AUTHOR

...view details