অসম

assam

অসম আৰক্ষীৰ কেইবাগৰাকীয়ো বিষয়ালৈ বিশেষ ৰাজ্যিক সন্মান

By

Published : Jan 25, 2021, 4:22 PM IST

গণৰাজ্য দিৱসৰ প্ৰাক-ক্ষণত আৰক্ষীৰ বিশেষ সন্মানেৰে বিভূষিত কৰা হৈছে কেইবাগৰাকীয়ো আৰক্ষী বিষয়াক ৷

As-ghy-list-of-assam-police-who-got-state-medal-img-as10003
অসম আৰক্ষীৰ কেইবাগৰাকীয়ো বিষয়ালৈ আৰক্ষীৰ ৰাজ্যিক সন্মান

গুৱাহাটী,25 জানুৱাৰী : গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত অসম আৰক্ষীৰ কেইবাগৰাকী বিষয়ালৈ আৰক্ষীৰ বিশেষ সন্মান ৷ গণৰাজ্য দিৱসৰ দিনটোতে আৰক্ষী বিভাগলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকেৰে বিভূষিত কৰা হ’ব অসম আৰক্ষীৰ উপ-আৰক্ষী মহাপৰিদৰ্শক ভায়’লেট বৰুৱাক ।

অসম আৰক্ষীৰ কেইবাগৰাকীয়ো বিষয়ালৈ আৰক্ষীৰ ৰাজ্যিক সন্মান

ইয়াৰ উপৰিও আৰক্ষী বাহিনীলৈ আগবঢ়োৱা সেৱাৰ বাবে আৰক্ষীৰ বিশেষ পদক লাভ কৰিবলৈ সক্ষম হোৱা আন কেইগৰাকী বিষয়া ক্ৰমে- ধেমাজি লিকাবালিত কৰ্মৰত ২২ নং অসম বেটেলিয়নৰ কামাণ্ডেণ্ট মোছলেহ উদ্দিন আহমেদ, দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞা, দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱাশীষ শৰ্মা, গোৱালপাৰাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, গোলাঘাটৰ আৰক্ষী পৰিদৰ্শক দীপক বড়া, শিলচৰৰ আৰক্ষী উপ-পৰিদৰ্শক ইমাম উদ্দিন চৌধুৰী, গুৱাহাটীৰ উপ-পৰিদৰ্শক ডিম্বৰাম তেৰাং, কাছাৰৰ সহকাৰী উপ-পৰিদৰ্শক নিৰঞ্জন দাস, কাছাৰৰ আৰক্ষী বিষয়া আনোৱাৰ হুছেইন বৰভূঞা, গুৱাহাটীৰ কনিষ্টবল পংকজ মহন্ত, কনিষ্টবল জীতেন্দ্ৰ কুমাৰ সিং যাদৱ, কনিষ্টবল হেমেন দাস আৰু কোকৰাঝাৰৰ কনিষ্টবল অনিল ৰাজবংশী ।

লগতে পঢ়ক-বেলতলাৰ জামে মছজিদত প্ৰৱেশ কৰা কোন এই 15 জনীয়া দুৰ্বৃত্ত ?

ABOUT THE AUTHOR

...view details