অসম

assam

By

Published : Apr 4, 2021, 4:18 PM IST

Updated : Apr 4, 2021, 4:25 PM IST

ETV Bharat / state

গুৱাহাটীৰ চাৰি সমষ্টিত সুৰাৰ বন্যা

গুৱাহাটীৰ চাৰিটা সমষ্টিত বিগত চাৰিদিনত চাৰে পাঁচ কোটি টকা মূল্যৰ সুৰা জব্দ । দিছপুৰ সমষ্টিত সৰ্বাধিক ৩.৩৬ কোটি টকা মূল্যৰ সুৰা জব্দ । গুৱাহাটীত ৪ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈ ' ড্ৰাই ডে' ঘোষণা ।

as_ghy_02_liquor_seized_ghy_img_7209925
গুৱাহাটীৰ চাৰি সমষ্টিত সুৰাৰ বন্যা

গুৱাহাটী, ৪ এপ্ৰিল: নিৰ্বাচনৰ সময়ত সুৰাৰ অবাধ প্ৰচলন তথা সৰবৰাহ নতুন কথা নহয় । ব্যতিক্ৰম হোৱা নাই এইবাৰৰ নিৰ্বাচনো । ৰাজ্যৰ আন প্ৰান্তৰ কথা বাদেই গুৱাহাটীৰ চাৰিটা বিধানসভা সমষ্টিতে অভাৱনীয় হাৰত সুৰাৰ পয়োভৰ ঘটিছে । নিৰ্বাচনৰ সময়ত বিশেষকৈ চাহ বাগান এলেকা তথা জনজাতীয় এলেকাসমূহত সুৰাৰ পয়োভৰ দেখিবলৈ পোৱা যায় । কিন্তু এইবাৰ ৰাজ্যৰ চহৰ অঞ্চলতো সুৰা সৰবৰাহ কৰাৰ ঘটনা দেখিবলৈ পোৱা গৈছে ।

লক্ষণীয় বিষয় যে, গুৱাহাটীৰ চাৰিটা সমষ্টিত বিগত চাৰিদিনত প্ৰায় চাৰে পাঁচ কোটি টকা মূল্যৰ সুৰা জব্দ কৰা হয় । নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়ত ৰাজ্যজুৰি আৰক্ষী আৰু আৱকাৰী বিভাগকে ধৰি চৰকাৰী বিভিন্ন বিভাগে অব্যাহত ৰাখিছে অভিযান ।

৩১ মাৰ্চৰ পৰা তিনি এপ্ৰিললৈ বিগত চাৰিদিনত আৱকাৰী বিভাগে গুৱাহাটীৰ চাৰিটা সমষ্টিত জব্দ কৰে ২,৮৮,০৮৬ লিটাৰ সুৰা । যাৰ বজাৰ মূল্য প্ৰায় ৫,৩১,৪৯,৪৯৩ টকা । ইয়াৰ ভিতৰত আছে ভাৰতত বনোৱা বিদেশী সুৰা, দেশীয় সুৰা আৰু অবৈধ সুৰা ।

চাৰিদিনত জালুকবাৰী সমষ্টিত ৭৭.৫৪ লাখ টকা মূল্যৰ, দিছপুৰ সমষ্টিত সৰ্বাধিক ৩.৩৬ কোটি টকা মূল্যৰ, পূব গুৱাহাটী সমষ্টিত ৪৪.১১ লাখ টকা মূল্যৰ আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৭৪.৪৬ লাখ টকা মূল্যৰ সুৰা জব্দ কৰা হয় ।

ইফালে ৬ এপ্ৰিল মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৪ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা ৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজালৈ ' ড্ৰাই ডে' ঘোষণা কৰিছে । সেই অনুসৰি, এই সময়চোৱাত সুৰা মজুতকৰণ, বিতৰণ তথা বিক্ৰীৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

তদুপৰি ক্লাৱ, হোটেল আদিত সুৰা বিক্ৰী বন্ধ ৰখাৰ উপৰি ভাৰতত নিৰ্মিত বিলাতীসুৰাৰ গুদাম, বিপনী তথা দেশীয় সুৰাৰ বিপনীসমূহ বন্ধ ৰাখিব লাগিব । আনহাতে কোনো সমষ্টিত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলগীয়া হ'লে তেনে ক্ষেত্রতো এই আদেশ বলবৎ হ'ব বুলি প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে ।

লগতে পঢ়ক: অৱশেষত বাসগৃহত উপস্থিত আলফাৰ দ্বাৰা অপহৃত প্ৰণৱ কুমাৰ গগৈ

Last Updated : Apr 4, 2021, 4:25 PM IST

ABOUT THE AUTHOR

...view details