গুৱাহাটী, 23 ছেপ্টেম্বৰ : সমাগত শাৰদীয় দুৰ্গাপূজা ৷ পূজাৰ সময়ত যাতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসকলে পূজা সুন্দৰভাৱে উদযাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি লায়ন্স ক্লাৱে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ 10 হাজাৰ লোক মাজত কাপোৰৰ লগতে ঘৰুৱা সামগ্ৰী বিক্ৰীৰ বাবে আয়োজন কৰিছে ‘‘লায়ন্স হাট বজাৰ 2.0’’ ।
লায়ন্স ক্লাৱৰ উদ্যোগত 23 ছেপ্টেম্বৰ অৰ্থাৎ শনিবাৰৰ পৰা দুদিনীয়াকৈ সোণাৰাম খেলপথাৰত দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে ‘‘লায়ন্স হাট বজাৰ 2.0’’ । লায়ন্স হাট বজাৰত ক্লাৱৰ সদস্যসকলে পুৰণি আৰু নতুন কাপোৰৰ লগতে ঘৰুৱা সামগ্ৰী সংগ্ৰহ কৰি পৰিষ্কাৰ কৰিছে । 23 খন ষ্টলত ক্লাৱে প্ৰদান কৰা বিনামূলীয়া কুপনৰ জৰিয়তে দৰিদ্ৰ লোকসকলৰ মাজত বিক্ৰী কৰা হ'ব কাপোৰ আৰু ঘৰুৱা সামগ্ৰীসমূহ ।
‘‘লায়ন্স হাট বজাৰ 2.0’’ৰ অধ্যক্ষ বিজয় হৰলালকাই কয় যে, এক মহান উদ্দেশ্য আগত ৰাখি প্ৰায় 5000 দৰিদ্ৰ লোকৰ মাজত 2000 টকাকৈ বিনামূলীয়া কুপন ইতিমধ্যে বিতৰণ কৰা হৈছে । তেওঁলোকে কেৱল ‘‘লায়ন্স হাট বজাৰ 2.0’’ লৈ আহিব লাগিব আৰু কুপনৰ জৰিয়তে তেওঁলোকৰ পচন্দৰ সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব ।