অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি পশ্চিম মায়ঙত বন্তি প্ৰজ্বলন - ধলপুৰ

চৰকাৰী ভূমিৰ বেদখলকাৰীক উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাই পশ্চিম মায়ংবাসীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰি বন্তি প্ৰজ্বলন কৰে ।

mayong
মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি পশ্চিম মায়ঙত বন্তি প্ৰজ্বলন

By

Published : Sep 29, 2021, 11:10 AM IST

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ :চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনোৱাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মঙলবাৰে সন্ধিয়া বন্তি প্ৰজ্বলন কৰে পশ্চিম মায়ংবাসীয়ে । পশ্চিম মায়ং গাঁও পঞ্চায়তৰ উদ্যোগত পশ্চিম মায়ং উন্নয়ন সমিতি আৰু নাগৰিক সমিতিৰ সহযোগত এই বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি পশ্চিম মায়ঙত বন্তি প্ৰজ্বলন

কলং সুঁতিৰ ওপৰত থকা গোৱৰ্দ্ধন দলঙৰ ওপৰত সমবেত ৰাইজে বন্তি প্ৰজ্বলন কৰি মুখ্যমন্ত্ৰী গৰাকীৰ দীৰ্ঘায়ু কামনা কৰে । উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ দৃঢ় প্ৰদক্ষেপ স্বৰূপে দৰং জিলাৰ ধলপুৰত অবৈধভাৱে বাস কৰা লোকসকলক উচ্ছেদ কৰাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাক আদৰণি জনায় মায়ঙৰ জনসাধাৰণে । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে যাতে ভৱিষ্যতে জনসাধাৰণৰ মংগল অথবা ৰাজ্যবাসীৰ সুখৰ বাবে এনেধৰণৰ কাৰ্য কৰি থাকিব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ দীৰ্ঘায়ু কামনা কৰি এই বন্তি প্ৰজ্বলন কৰে ।

তদুপৰি ধলপুৰত অবৈধভাৱে বসবাস কৰা লোকসকলে অসম আৰক্ষীৰ ওপৰত যি ধৰণৰ আক্ৰমণ কৰিলে তাক গৰিহণা প্ৰদান কৰি আঘাতপ্ৰাপ্ত আৰক্ষীৰ লোকসকল অতিশীঘ্ৰে আৰোগ্য লাভ কৰাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায় পশ্চিম মায়ংবাসীয়ে।

সমান্তৰালকৈ, ৰাজ্যৰ ভিন্ন প্ৰান্তত যিসকল লোকে চৰকাৰী কৃষি ভূমিৰ লগতে চৰ অঞ্চল অবৈধভাৱে বেদখল কৰি আছে তেওঁলোকৰ সুমতি কামনা কৰিও বন্তি প্ৰজ্বলন কৰা বুলি উল্লেখ কৰে পশ্চিম মায়ংবাসী ৰাইজে । উল্লেখ্য যে, ধলপুৰৰ উচ্ছেদকলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত আকৌ ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । তেনে সময়তে চৰকাৰৰ পদক্ষেপক আদৰণি জনোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক :গোলাঘাটত মূৰত গুলিয়াই আত্মহত্যা ASRF জোৱানৰ

ABOUT THE AUTHOR

...view details