অসম

assam

অসম প্ৰকাশন পৰিষদৰ 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান

By

Published : Jan 25, 2021, 10:56 PM IST

অসম প্ৰকাশন পৰিষদৰ 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান ৷ 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট ভাষাতত্ববিদ, সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকে ৷

Life time Achievement award By Assam Prakasan Parishad
অসম প্ৰকাশন পৰিষদৰ 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান

গুৱাহাটী, 25 জানুৱাৰী :অসম প্ৰকাশন পৰিষদৰ 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান ৷ 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট ভাষাতত্ববিদ, সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকে ৷ অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ডঃ ৰমেশ পাঠকক প্ৰদান কৰে 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা ৷

আনহাতে, বঁটা গ্ৰহণ কৰি অতিশয় সুখী বিশিষ্ট ভাষাতত্ববিদ গৰাকী ৷ বঁটা গ্ৰহণ কৰি তেওঁ কয় যে, ' য়ি জাতিয়ে নিজৰ গুণৱান ব্যক্তিসকলক শ্ৰদ্ধা কৰিব নাজানে সেই জাতিৰ উত্তৰণ সম্ভৱ নহয় ৷ অসমত কিন্তু বৰ্তমান কিছুদিনৰ পৰা সমাজৰ মংগলৰ বাবে কাম কৰা ব্যক্তি সকলক ৰাইজে স্বীকৃতি প্ৰদান কৰি আহিছে যিটো অসমীয়া সমাজ জীৱনৰ বাবে ইতিবাচক' বুলি মন্তব্য কৰে বিশিষ্ট ব্যক্তি গৰাকীয়ে ৷

উল্লেখ্য যে, 33 তম গুৱাহাটী গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানতে ডঃ ৰমেশ পাঠকক বঁটা প্ৰদান কৰাৰ কথা আছিল কিন্তু সেইদিনা বিশিষ্ট ভাষাতত্ববিদ গৰাকী শাৰীৰিক অসুস্থ হৈ থকাৰ বাবে সোমবাৰে প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা ৷

অসম প্ৰকাশন পৰিষদৰ 'মুকুতা' আলোচনীৰ সহযোগী সম্পাদক দেৱজিৎ বৰাই আঁতধৰা অনুষ্ঠানটিত উপস্থিত থাকে পৰিষদৰ কৰ্তব্যৰত বিষয়া মিংকু হাজৰিকা, অসম সাহিত্য সভাৰ জাতীয় শিক্ষা সংসদৰ আহ্বায়ক ৰাণা বশিষ্ট, ডঃ ৰমেশ পাঠকৰ কন্যা-জোঁৱাইৰ লগতে বহু কেইগৰাকী লোক উপস্থিত থাকে ৷

লগতে পঢ়ক :অৰ্ণৱে ৰেটিংছ খেলিমেলি কৰাৰ বাবে মোক 40 লাখ প্ৰদান কৰিছিল : পাৰ্থ দাসগুপ্তা

ABOUT THE AUTHOR

...view details