নিউজ ডেস্ক, 23 নৱেম্বৰঃ গুৰুতৰ ভাৱে অসুস্থ হৈ জি এম চি এইচত চিকিৎসাধীন হৈ আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ জনপ্ৰিয় নেতা গৰাকীৰ আশু-আৰোগ্য কামনা কৰি ৰাজ্যজুৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে সকলো ধৰ্মাৱলম্বীৰ লোক সকলে ৷ এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ অধিকাৰী এই গৰাকী জনপ্ৰিয় নেতা তথা অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী গৰাকীৰ জীৱন পৰিক্ৰমা সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন-
প্ৰাৰম্ভিক জীৱন:
তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন শুৱণি কৰা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম হৈছিল যোৰহাট জিলাৰ ৰঙাজান চাহ বাগিচাত ৷ 1936 চনৰ 1 এপ্ৰিলত জন্ম গ্ৰহণ কৰিছিল এই গৰাকী ৰাজনীতিকে ৷ শিশু কাল যোৰহাটতে অতিবাহিত কৰাৰ পাছত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল তৰুণ গগৈয়ে ৷ ইয়াৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল.এল.বি. ডিগ্ৰী লাভ কৰে ৷ এল.এল.বি. সম্পূৰ্ণ কৰি আসাম বাৰ কাউন্সিল (Assam Bar Council)ত এজন অধিবক্তাৰূপে কৰ্ম-জীৱনৰ পাতনি মেলিছিল গগৈয়ে ৷ পৰৱৰ্তী সময়তAssam Small-Scale Industries Development Corporationৰ অধ্যক্ষৰ পদটো অধিষ্ঠিত হৈছিল তৰুণ গগৈ ৷ 1972 চনত ডলী গগৈৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলিছিল গগৈয়ে ৷
ৰাজনৈতিক জীৱন:
ৰাজনৈতিক জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পদ হিচাপে 1968 চনত যোৰহাট পৌৰসভালৈ সদস্য হিচাপে নিৰ্বাচিত হয় তৰুণ গগৈ ৷ পৰৱৰ্তী সময়ত, 1976 চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অধীনত তেঁও নিখিল ভাৰত কংগ্ৰেছ (ই) কমিটি চমুকৈAICC ৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয় ৷ ইয়াৰ পিছত 1985-1990 বৰ্ষৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধীনত সদৌ নিখিল ভাৰত কংগ্ৰেছ (ই) কমিটিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় ৷ 1991-1996 বৰ্ষৰ বাবে তেওঁ সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰীৰ পদ লাভ কৰে ৷ পৰৱৰ্তী সময়ত 1986-1990 বৰ্ষত তৰুণ গগৈ দেৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটি চমুকৈ APCCৰ সভাপতি পদত অধিষ্ঠিত হৈ আছিল ৷ 1996 চনত তেওঁ দ্বিতীয়বাৰৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ৷
বিধায়ক হিচাপে তৰুণ গগৈ: