অসম

assam

ETV Bharat / state

LGBI guwahati airport : এতিয়াৰে পৰা বৰঝাৰ বিমানবন্দৰত 24 ঘণ্টাই সেৱা লাভ কৰিব যাত্ৰীয়ে - New Services will be available at LGBI Airport

যাত্ৰীৰ সুবিধাৰ্থে আজাৰাস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ(LGBI guwahati airport)ত শীঘ্ৰে উপলব্ধ হ’ব 24 ঘণ্টীয়া সেৱা ৷ নতুন নিয়ম অনুসৰি, ৰাতি 12 বজালৈকে বিমানবন্দৰটোত উপলব্ধ থাকিব বিমান সেৱা ৷

LGBI guwahati airport
বৰঝাৰ বিমানবন্দৰত 24 ঘণ্টাই সেৱা লাভ কৰিব যাত্ৰীয়ে

By

Published : Nov 29, 2021, 9:02 AM IST

নিউজ ডেস্ক, 29 নৱেম্বৰ :ৰাজ্যবাসীৰ বাবে সুখবৰ ৷ এতিয়াৰে পৰা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত(LGBI Airport Guwahati) 24 ঘণ্টাই লাভ কৰিব পাৰিব বিমান সেৱা ৷ বিমানবন্দৰটো আদানী গ্ৰুপৰ হাতত হস্তান্তৰ কৰাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

নতুন নিয়ম অনুসৰি, ৰাতি 12 বজালৈকে বিমানবন্দৰটোত উপলব্ধ থাকিব বিমান সেৱা ৷ ক’ভিড 19 ৰ বাবে প্ৰায় এবছৰ ধৰি স্তব্ধ হৈ পৰা ঘৰুৱা বিমানসমূহৰ চলাচল পুনৰ আৰম্ভ কৰা হৈছে ৷ যাৰ বাবে বৃদ্ধি পাইছে যাত্ৰীৰ সংখ্যা ৷

লগতে চাওক:ব্যক্তিগত খণ্ডক অৰ্পণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

বিমানবন্দৰৰ লগত সম্পৰ্ক থকা সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সেৱা, টাৰ্মিনেল সেৱা, বিমানবন্দৰত থকা খাদ্য সামগ্ৰীৰ বিপণীৰ লগতে অন্যান্য সকলো সেৱা যোগান ধৰা বিপণীসমূহ উপলব্ধ থাকিব ৷ তদুপৰি বিমানবন্দৰৰ পৰা যাত্ৰীয়ে যিকোনা সময়তে লাভ কৰিব টেক্সী তথা বাছ সেৱা ৷

এই কথা শেহতীয়াকৈ সদৰী কৰে বৰঝাৰস্থিত LGBI এয়াৰপ’ৰ্টৰ মুখ্য পৰিচালক(LGBI Airport Chief Director) উৎপল বৰুৱাই ৷

উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে আদানী গ্ৰুপৰ অধীনষ্ঠ বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মহিলা কৰ্মচাৰীসকলক কৰ্তব্যৰত অৱস্থাত মেখেলা-চাদৰ পৰিধান কৰিব নিদিয়াক লৈ এক বিতৰ্কৰ সূত্ৰপাত ঘটা দেখা গৈছিল ৷

লগতে চাওক:এইবাৰ অসমীয়াৰ পৰম্পৰাগত সাজ-পাৰত চকু আদানি গ্ৰুপৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details