গুৱাহাটী, ১৬ নৱেম্বৰ : ছিণ্ডিকেট অসমৰ ক’তো চলা নাই, ক’তো ছিণ্ডিকেট চলিবলৈ দিয়া নহ’ব বুলি চৰকাৰে ঘোষণা কৰিলেও কিন্তু ৰাজ্যত কাঠৰ ছিণ্ডিকেট অব্যাহত আছে(Timber Syndicate in Assam) ৷ বৈধভাৱে কাঠ কঢ়িওৱা এখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা হয় ১ লাখ টকা ৷ কাঠ মাফিয়াই আৰক্ষী-বন বিভাগৰ কৰ্মচাৰীৰ সৈতে ছিণ্ডিকেট চলাই কাঠ ব্যৱসায়ীক হাৰাশাস্তি কৰি আহিছে ছিণ্ডিকেট চক্ৰই৷
এই অভিযোগেৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ এখন পত্ৰ দিছে একাংশ কাঠ ব্যৱসায়ীয়ে (Timber dealers letter to DGP) ৷ বুধবাৰে এই পত্ৰ প্ৰেৰণ কৰিছে ৰঙিয়াৰ দুজন ব্যৱসায়ী ভাৰ্গৱ চৌধুৰী আৰু হৰিকান্ত ৰাজবংশীয়ে৷ আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰা পত্ৰত মুকলি অভিযোগ উত্থাপন কৰা হৈছে যে, এই ছিণ্ডিকেট চলাই আহিছে দুজন ব্যক্তিয়ে ৷
জনৈক জিতু দাস আৰু গোবিন্দ সৰকাৰ নামৰ দুজন ব্যক্তিৰ নেতৃত্বত এটা বৃহৎ দলে এই কাঠৰ ছিণ্ডিকেট চলাই আহিছে ৷ এই দলটোৱে বৈধভাৱে অহা কাঠৰ ট্ৰাকৰ পৰা বিভিন্ন ঠাইত এখন ট্ৰাকৰ পৰা ১ লাখ টকাকৈ দাবী কৰি টকা নিদিয়া কাঠ বেপাৰীসকলক হাৰাশাস্তি কৰি আহিছে৷ ইয়াৰ ফলত কামৰূপ বন সংমণ্ডলৰ চৰকাৰী অনুজ্ঞাপত্ৰপ্ৰাপ্ত পাঁচ শতাধিক কাঠ ব্যবসায়ীয়ে আহুকালৰ সন্মুখীন হ’বলগা হৈছে৷
লগতে অভিযোগকাৰী ভুক্তভোগীয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীলৈ(DGP Bhaskarjyoti Mahanta) লিখিছে- “আমি সম্পূর্ণ বৈধভাৱে চৰকাৰ নিৰ্ধাৰিত ৰাজহ প্ৰদান কৰি ব্যৱসায় চলাই থকাৰ উপৰিও অন্য দহজনক জীৱন-জীৱিকা নিৰ্বাহৰ বাট মোকলাই দি আহিছো । কিন্তু যোৱা ১ নৱেম্বৰ তাৰিখৰ পৰা জনৈক গোবিন্দ সৰকাৰ আৰু জিতু দাসৰ নেতৃত্বত এচাম মাফিয়াই সকলো কাঠ ব্যৱসায়ীক প্ৰতিখন কাঠৰ গাড়ীৰ বাবদ ১ লাখ টকাকৈ আদায় দিবলৈ ভাবুকি প্ৰদান কৰে । তেওঁলোকে এই বুলি ভাবুকি প্ৰদান কৰে যে, সম্পূর্ণ চৰকাৰী নিয়ম নীতি মানি চলিলেও কাঠ সৰবৰাহকাৰী ট্ৰাকসমূহ পুলিচৰ জৰিয়তে থানাত আটক কৰা হ'ব ।