অসম

assam

ETV Bharat / state

Tobacco Control Act : ধঁপাত নিয়ন্ত্ৰণ আইন শক্তিশালী কৰাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ

ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰি ৰাইজৰ জীৱন ৰক্ষা কৰক' শীৰ্ষক বার্তাৰে 23 জুনৰ পৰা 25 জুনলৈ অনুষ্ঠিত হ’ল বাটৰ নাট ৷ মহানগৰীৰ মুঠ 10 টাকৈ স্থানত অনুষ্ঠিত হ’ল এই বাটৰ নাট ৷

Tobacco Control Act
ধঁপাত নিয়ন্ত্ৰণ আইন শক্তিশালী কৰাৰ দাবী

By

Published : Jun 26, 2023, 10:12 AM IST

গুৱাহাটী, 25 জুন:দেশত ধঁপাত নিয়ন্ত্ৰণ আইন আৰু অধিক শক্তিশালী কৰাৰ দাবীত দেওবাৰে সাত সহস্ৰাধিক লোকৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্র প্ৰধানমন্ত্রীলৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে, ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবীৰে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফ’ৰামৰ উদ্যোগত আৰু কনজিউমাৰ ভয়েচ নতুন দিল্লীৰ সহযোগত কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সজাগতামূলক বাটৰ নাটৰ দেওবাৰে বিয়লি সামৰণি পৰে ।

'ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰি ৰাইজৰ জীৱন ৰক্ষা কৰক' শীৰ্ষক বার্তাৰে 23 জুনৰ পৰা 25 জুনলৈ অনুষ্ঠিত বাটৰ নাট কাৰ্যসূচী 23 জুনৰ পুৱা হেঙেৰাবাৰীস্থিত স্বাস্থ্য সেৱা সঞ্চালকালয় চৌহদত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । এই কাৰ্যসূচীত স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস, অতিৰিক্ত সঞ্চালক ডাঃ ৰূপলাল নুনিচা, যুটীয়া সঞ্চালক ডাঃ ভানু শইকীয়া আৰু ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ৰাজ্যিক ন’ডেল বিষয়া ডাঃ অৰুন্ধতী ডেকাই অংশ গ্ৰহণ কৰে ।

ধঁপাত নিয়ন্ত্ৰণ আইন শক্তিশালী কৰাৰ দাবী

উদ্বোধনী ভাষণত সঞ্চালক ডাঃ দাসে বিষয়টো সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে ধঁপাত কোম্পানীসমূহে অতি কৌশলপূৰ্ণ আৰু পৰিকল্পিতভাৱে কিশোৰ আৰু যুৱ প্ৰজন্মক লক্ষ্য হিচাপে লৈ ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ এখন বিশাল বজাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে । ধঁপাত সেৱনৰ ফলত কৰ্কট, হাওঁফাওঁ আৰু হৃদজনিত ৰোগীৰ সংখ্যা ভয়াৱহভাবে বৃদ্ধি পাই আহিছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ধঁপাত নিয়ন্ত্ৰণ আইনক অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলিও তেওঁ কয় ।

তিনিদিনীয়া সজাগতামূলক কাৰ্যসূচীত কামৰূপ মহানগৰ জিলাৰ ডাউন-টাউন, হেঙেৰাবাৰী, গুৱাহাটী ৰেলৱে ষ্টেচন, ধীৰেনপাৰা, আদাবাৰী বাছ আস্থান, জালুকবাৰী, ল’খৰা, বামুনীমৈদাম বজাৰ, নাৰেংগী বজাৰ আৰু ফাঁচীবজাৰত মুঠ 10 টা স্থানত বাটৰ নাট প্ৰদৰ্শন কৰা হয় । বাটৰ নাট কাৰ্যসূচীৰ সময়ছোৱাত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফ’ৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই ধঁপাত সেৱনৰ ফলত মানৱ দেহত পৰা ভয়াৱহ প্ৰভাৱৰ বিষয়ে উপস্থিত দৰ্শকৰ মাজত সজাগতা চলোৱাৰ উপৰি ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ বাবে সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনত বিষয়টো জৰুৰীভাৱে বিবেচনা কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায় ।

ধঁপাত নিয়ন্ত্ৰণ আইন শক্তিশালী কৰাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ

তিনিদিনীয়া বাটৰ নাট কাৰ্যসূচীৰ সময়চোৱাত ফ’ৰামৰ সদস্যসকলে হাতে হাতে প্লে’ কাৰ্ড লৈ ধঁপাত নিয়ন্ত্ৰণ আইন অধিক শক্তিশালী কৰাৰ দাবী জনায় । বাটৰ নাট কাৰ্যসূচীৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফ’ৰামৰ উদ্যোগত সাত শতাধিক লোকে স্বাক্ষৰ কৰা এখন পত্ৰ দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা হয় । এই পত্ৰখনৰ জৰিয়তে ধঁপাতৰ আসক্তিৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ স্বাৰ্থত ধঁপাত নিয়ন্ত্ৰণ আইন অধিক কঠোৰ কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰীক আহ্বান জনোৱা হয় । বাটৰ নাট কাৰ্যসূচীৰ সময়চোৱাত ফ’ৰামৰ উদ্যোগত তিনিদিন ধৰি সৰ্বসাধাৰণ লোকৰ মাজত এই স্বাক্ষৰ সংগ্ৰহ অভিযান চলোৱা হয় ।

লগতে পঢ়ক :Feliciation programme by AASU : কৃতী শিক্ষাৰ্থীলৈ আছুৰ সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details