অসম

assam

ETV Bharat / state

Assam budget for 2022-23: বিজেপিৰ শাসনত বাজেটৰ ধনতকৈ খৰছৰ পৰিমান কম - less spending of budget money in Assam

১৬ মার্চত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট (Assam budget for 2022-23)৷ পূৰ্বৰ বিত্তীয় বৰ্ষৰ বাজেটতকৈ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটত প্ৰস্তাৱিত ধনৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ বিপৰীতে লক্ষণীয়ভাৱে বিগত কেইবাটাও বিত্তীয় বৰ্ষত অনুমোদিত ধনতকৈ বহু কম পৰিমানৰ ধনহে খৰছ কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ ৷

Assam budget for 2022-23
বিজেপিৰ শাসনত বাজেটৰ ধনতকৈ খৰছৰ পৰিমান কম

By

Published : Mar 14, 2022, 7:18 PM IST

গুৱাহাটী, 14 মাৰ্চ: বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২২-২৩ বিত্তীয় বছৰৰ বাজেট ১৬ মার্চত বিধানসভাত দাখিল কৰিব (Assam budget for 2022-23)। সোমবাৰে বিধানসভাৰ বাজেট অধিৱেশন ৰাজ্যপাল জগদীশ মুখীৰ অভিভাষণেৰে আৰম্ভ কৰা হয় । ১৬ মার্চত দাখিল কৰিবলগীয়া বাজেটত প্ৰস্তাৱিত ধনৰ পৰিমাণ পূৰ্বৰ বাজেটতকৈ বৃদ্ধি হ'ব বুলি বিত্তীয় বিভাগৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

ইতিমধ্যে, ২০২২-২৩ বিত্তীয় বছৰৰ বাজেট ১৬ মার্চত দাখিল কৰাৰ পূৰ্বে কৰা পর্যালোচনা বৈঠকত এই কথা নিশ্চিত হৈছে । ২০২০- ২১ চনত বাজেটত প্ৰস্তাৱিত ধনৰ পৰিমাণ ১,০৫, ২৪৬ কোটি টকা আছিল । এইবাৰৰ প্ৰস্তাৱিত বাজেটত ২০২০-২১ চনৰ বাজেটতকৈ ধনৰ পৰিমাণ বৃদ্ধি কৰা হ'ব । অহা ৩১ মাৰ্চত বিত্তীয় বছৰ শেষ হ'ব যদিও বিত্তমন্ত্ৰী নেওগে বাজেটৰ প্ৰস্তাৱিত সকলো পুঁজি নিৰ্দিষ্ট সময়ত ব্যয় কৰাৰ ক্ষেত্ৰত ব্যর্থ হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

২০২০-২১ বৰ্ষৰ বাজেটত প্ৰস্তাৱিত ধনৰ পৰিমাণ আছিল ১,০৫.২৪৬ কোটি টকা । খৰছ কৰা হৈছে ৮৭,৩৫৪ কোটি টকা । অৰ্থাৎ ব্যয়ৰ পৰিমাণ ৮৩ শতাংশ ।

মনকৰিবলগীয়া যে, বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২১-২২ বিত্তীয় বছৰৰ প্ৰস্তাৱিত ৯৫ শতাংশ পুঁজিয়েই ব্যয় কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰিছিল । কিন্তু ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট বিধানসভাত দাখিল কৰাৰ পূৰ্বে কৰা পর্যালোচনা বৈঠকত প্ৰতিফলিত হোৱা তথ্যৰ পৰা নিশ্চিত হৈছে যে সম্পূর্ণৰূপে বাজেট প্ৰস্তাৱ ৰূপায়ণ হোৱাৰ আশা নাই । চলিত বিত্তীয় বছৰৰ বাবে আবণ্টিত পুঁজি উন্নয়ন শিতানত পূৰ্বৰ বিত্তীয় বৰ্যৰ দৰে ব্যয় কৰাত চৰকাৰৰ ব্যর্থতাই উন্নয়নমূলক কামত প্ৰভাৱ পেলাইছে ।

উল্লেখ্য যে, তৰুণ গগৈ চৰকাৰৰ পিছত ২০১৬-১৭ চনৰ পৰা বাজেটত ধার্য কৰা পুজিৰ ব্যয় ক্ৰমে বৃদ্ধি পাইছিল । সেই ধাৰা এতিয়াও অব্যাহত আছে । ২০১৫-১৬ বৰ্ষত প্ৰস্তাৱিত ধনৰ পৰিমাণ আছিল ৬৬,১৪২.১৭ কোটি টকা । ঠিক সেইদৰে ২০১৬-১৭ চনৰ বাজেটত প্ৰস্তাৱিত ধনৰ পৰিমাণ ৭৮,২৫৩,৩৬ কোটি টকা, ২০১৭-১৮ চনত ৮৫,৯২২.৬৯ কোটি টকা, ২০১৮-১৯ চনত ৯০,২৬৯.৯২ কোটি টকা, ২০১৯-২০ চনত ৯৯,৪১৮.৯১ কোটি টকা আৰু ২০২১-২২ চনত ১,০৫, ২৪৬ কোটি টকা আছিল ।

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে বাজেটত নিৰ্দ্ধাৰণ কৰা ধন খৰছ কৰাত ব্যৰ্থ হৈছে । তথ্যমতে ২০১৬-১৭ চনত বাজেটত নিৰ্দ্ধাৰণ কৰা ধনৰ ৭৩.৩৬ শতাংশ, ২০১৭-১৮ চনত ৭৬.১০ শতাংশ, ২০১৮-১৯ চনত ৭৯.৬০ শতাংশ, ২০১৯-২০ চনত ৮২.৯৭ শতাংশ আৰু ২০২০-২১ চনত ৮৩ শতাংশ ধনহে ব্যয় কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:নিৰ্দলীয়ই গঠন কৰিব পৌৰসভা: শিবিৰ সলাব পাৰে জয়ী বিজেপি প্ৰাৰ্থীয়ে

ABOUT THE AUTHOR

...view details