গুৱাহাটী, 26 মাৰ্চঃ গুৱাহাটী মহানগৰীত মঙলবাৰে পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী ৷ নীলাচৰ পাহাৰত কৰায়ত্ব কৰা হ'লনাহৰফুটুকীটো ৷ কামাখ্যাৰ সুখেন প্ৰসাদৰ ঘৰত পুৱা ৮টা বজাত প্ৰৱেশ কৰিছিল নাহৰফুটুকীটোয়ে ৷ পাচত বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ পিঞ্জৰাত আৱদ্ধ কৰে বাঘটো ৷ বাঘটোক আবদ্ধ কৰিবলৈ 7 ঘণ্টাধৰি যুজিঁব লগীয়া হয় বন বিভাগৰ লোকে ৷ নাহৰফুটুকীটোক ট্ৰেংকুলাইছ কৰি ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হয়৷
মহানগৰীত পিঞ্জৰাবদ্ধ নাহৰফুটুকী - ট্ৰেংকুলাইছ
নাহৰফুটুকীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন ৪ গৰাকী লোক
মহানগৰীত পিঞ্জৰাবদ্ধ নাহৰফুটুকী
উল্লেখ্য যে, নাহৰফুটুকীৰ আক্ৰমণত ৪ গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে ৷