অসম

assam

ETV Bharat / state

মহানগৰীৰ মালিগাঁও নীলাচলপুৰত বাঘৰ আতংক - নাহৰফুটুকীটোৰ বিচৰণ

দেওবাৰে সন্ধিয়া মালিগাঁও নীলাচলপুৰৰ গংগা শৰ্মা নামৰ মহিলাগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰে এটা নাহৰফুটুকীয়ে ৷ নাহৰফুটুকীটোৰ বিচৰণৰ সমগ্ৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈ ৰয় ৷

মহানগৰীৰ মালিগাঁও নীলাচলপুৰত বাঘৰ আতংক

By

Published : Nov 18, 2019, 4:55 PM IST

মালিগাঁও,18 নৱেম্বৰঃ কামাখ্যাৰ পিছত এইবাৰ মহানগৰীৰ মালিগাঁও নীলাচলপুৰত বাঘৰ আতংক ৷ আন্ধাৰ হ'লেই অঞ্চলটোত বিচৰণ কৰে কেইবাটাও নাহৰফুটুকীয়ে ৷ খাদ্যৰ সন্ধানত এনেদৰে নিতৌ জন অৰণ্যলৈ নামি আহে নাহৰফুটুকী ৷

নীলাচলপুৰত বাঘৰ আতংক

উল্লেখ্য যে,দেওবাৰে সন্ধিয়া গংগা শৰ্মা নামৰ মহিলাগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰে এটা নাহৰফুটুকীয়ে ৷ নাহৰফুটুকীটোৰ বিচৰণৰ সমগ্ৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈ ৰয় ৷ এই ঘটনাৰ পিছতেই আতংকিত হৈ পৰিছে পৰিয়ালটোৰ লগতে অঞ্চলটোৰ ৰাইজ ৷ অঞ্চলটোত নাহৰফুটুকীৰ অবাধ বিচৰণ ৰোধ কৰিবলৈ শীঘ্ৰে বন বিভাগক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান অঞ্চলটোৰ ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details