গুৱাহাটী, 2 জুলাই : গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ গড়ভংগা সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাঁও মাধৱ নগৰৰ এটা কুঁৱাত আবদ্ধ এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বৃহস্পতিবাৰে বনকৰ্মীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নাহৰফুটুকীটো পুৱতি নিশা মাধৱ নগৰৰ ২০ ফুট গভীৰতাৰ এটা মুকলি কুঁৱাত পৰি আৱদ্ধ হৈ পৰে । বাঘটোৱে কুঁৱাৰ পৰা উঠিবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও ব্যৰ্থ হয় ।
গাঁওখনৰ বাসিন্দাসকলে কুঁৱাটোৰ ভিতৰৰ পৰা বাঘৰ গৰ্জন শুনিবলৈ পাই আচৰিত হৈ পৰে । তেওঁলোকে কুঁৱাটোত প্ৰত্যক্ষ কৰে যে এটা নাহৰফুটুকী কঁকাললৈ পানীত সোমাই প্ৰাণ বচোৱাৰ চেষ্টাত ভাগৰি পৰিছে । গাঁৱবাসীয়ে লগে লগে বনবিভাগক ঘটনাটো অৱগত কৰে ।