অসম

assam

By

Published : Jun 24, 2020, 2:21 PM IST

Updated : Jun 24, 2020, 4:38 PM IST

ETV Bharat / state

সাতমাইলৰ এটা কুঁৱাত নাহৰফুটুকী পৰাৰ সন্দেহঃ অব্যাহত উদ্ধাৰ অভিযান

খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা নাহৰফুটুকী কুঁৱাত পৰাৰ সন্দেহ স্থানীয় লোকৰ ৷ সাতমাইলস্থিত অসম আৰক্ষীৰ দূৰ সঞ্চাৰ বিভাগৰ কাৰ্যালয়ৰ সমীপৰ কুৱাটোত বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলটোৱে ৷

leopard fall down in a well in satmile
leopard fall down in a well in satmile

গুৱাহাটী,24 জুনঃমহানগৰীৰ জনাঞ্চলত ভিন্ন সময়ত খাদ্যৰ সন্ধানত ওলাই অহা বাঘে তাণ্ডৱৰ সৃষ্টি কৰাৰ লগতে,ভিন্ন সময়ত বিপদত পৰাও পৰিলক্ষিত হৈ আহিছে ৷ গুৱহাটীৰ সাতমাইলৰ ভিন্ন অঞ্চলত দীৰ্ঘদিনৰে পৰাই বাঘৰ বিচৰণ পৰিলক্ষিত কৰি আহিছে স্থানীয় লোকে ৷ তেনে পৰিপ্ৰেক্ষিতত বুধবাৰে খাদ্যৰ সন্ধানত ওলাই অহা এটা নাহৰফুটুকী, সাতমাইলস্থিত অসম আৰক্ষীৰ দূৰ সঞ্চাৰ বিভাগৰ কাৰ্যলয়ৰ সমীপৰ এটা কুঁৱাত পৰাৰ সন্দেহ কৰে প্ৰত্যক্ষদৰ্শীয়ে ৷ ইতিমধ্যে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও,বৰ্তমানলৈ কুৱাটোত সন্ধান ওলোৱা নাই কোনো নাহৰফুটুকীটোৰ ৷

সাতমাইলৰ এটা কুঁৱাত নাহৰফুটুকী পৰাৰ সন্দেহঃ অব্যাহত উদ্ধাৰ অভিযান
Last Updated : Jun 24, 2020, 4:38 PM IST

ABOUT THE AUTHOR

...view details