গুৱাহাটী, 6 নৱেম্বৰঃমহানগৰীত পুনৰ নাহৰফুটুকীৰ আক্ৰমণ ৷ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আহত নাহৰফুটুকীৰ আক্ৰমণত ৷ মহাবিদ্যালয়খনৰ তৃতীয় ষাণ্মাষিকৰ দেৱব্ৰত চুতীয়া নামৰ ছাত্ৰজনক আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় ৷ তেওঁক ততাতৈয়াকৈ চৰকাৰী আয়ুৰ্বেদিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নক চিকিৎসাৰ বাবে গুৱাহাটীৰ ব্যক্তিগত হস্পিতাললৈ লৈ যোৱা হয় ৷
নাহৰফুটুকীৰ আক্ৰমণত আহত ছাত্ৰঃ উত্তেজিত ৰাইজৰ আক্ৰমণত নিহত নাহৰফুটুকী - নাহৰফুটুকীৰ আক্ৰমণত আহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ
মহানগৰীত নাহৰফুটুকীৰ আক্ৰমণত আহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ৷ ঘটনাৰ পিচত একাংশ ছাত্ৰ আৰু স্থানীয় উত্তেজিত লোকৰ আক্ৰমণত নিহত হয় নাহৰফুটুকীটো ৷

নাহৰফুটুকীৰ আক্ৰমণত আহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ
নাহৰফুটুকীৰ আক্ৰমণত আহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ
আনহাতে এই ঘটনাৰ পিচত একাংশ ছাত্ৰ আৰু স্থানীয় উত্তেজিত লোকৰ আক্ৰমণত নিহত হয় নাহৰফুটুকীটো ৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত নাহৰফুটুকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল ৷ এতিয়া ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে বাঘ-মানুহৰ সংঘাত ৷
আৰু পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈৰ সংবাদমেল