অসম

assam

ETV Bharat / state

মালিগাঁৱত নাহৰফুটুকীৰ মুক্ত বিচৰণ - maligaon leopard

মালিগাঁৱৰ জয়ানগৰত নাহৰফুটুকীৰ মুক্ত বিচৰণ ৷ পিন্টু কাশ্যপ নামৰ এগৰাকী লোকৰ বাসগৃহত সংস্থাপিত চিচি টিভি কেমেৰাত বন্দী হ'ল নাহৰফুটুকীৰ মুক্ত বিচৰণৰ দৃশ্য ।

গুৱাহাটী
মালিগাঁৱত নাহৰফুটুকীৰ মুক্ত বিচৰণ

By

Published : Feb 8, 2020, 11:24 PM IST

গুৱাহাটী, 8 ফেব্ৰুৱাৰীঃ মহানগৰীৰ মালিগাঁৱত পুণৰ বনৰজাৰ আতংক । মালিগাঁৱৰ জয়ানগৰত দীৰ্ঘদিন ধৰি এটা নাহৰফুটুকীয়ে চলাই আছে সন্ত্ৰাস । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৰলৈ নামি আহিছে নাহৰফুটুকীটো । পিন্টু কাশ্যপ নামৰ এগৰাকী লোকৰ বাসগৃহত সংস্থাপিত চিচি টিভি কেমেৰাত বন্দী হ'ল নাহৰফুটুকীৰ মুক্ত বিচৰণৰ দৃশ্য । নাহৰফুটুকীৰ মুক্ত বিচৰণত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী । বিগত কিছুদিন পূৰ্বেও অঞ্চলটোত পোহনীয়া কুকুৰ ভক্ষণ কৰিছিল নাহৰফুটুকীটোৱে । যাৰ বাবে ঘৰৰ পৰা বাহিৰ ওলাবলৈ দহবাৰ চিন্তা কৰে জয়ানগৰবাসীয়ে । ইফালে একাংশ দুষ্টচক্ৰই বনাঞ্চল ধ্বংস কৰাৰ ফলতে এনেদৰেই বন্যপ্ৰাণীয়ে জনাঞ্চললৈ আহিবলগীয়া হৈছে বুলি মন্তব্য কৰে । বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে কাতৰ অনুৰোধ জনাইছে অঞ্চলটোৰ ৰাইজে ।

মালিগাঁৱত নাহৰফুটুকীৰ মুক্ত বিচৰণ

ABOUT THE AUTHOR

...view details