গুৱাহাটী, 21 ডিচেম্বৰ : শনিবাৰে অনুষ্ঠিত হ'ল বিজেপিৰ বিধায়িনী দলৰ বৈঠক ৷ বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস আৰু বিধায়ক পদ্ম হাজৰিকাৰ ৷ সংবিধান সংশোধন কৰি হ'লেও অসমীয়া ভাষাৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাবলৈ ৰাজ্য চৰকাৰক আহ্বান বিধায়িনী দলৰ ৷
6 জনগোষ্ঠীৰ জনজাতিকৰণত গুৰুত্ব চৰকাৰৰ অসম চুক্তিৰ 6 নং দফা শীঘ্ৰে ৰূপায়ণ কৰিবলৈ কেন্দ্ৰ চৰকাৰক আহ্বান বিজেপি বিধায়িনী দলৰ ৷ ইয়াৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে প্ৰয়োজনত স্বায়ত্ব শাসিত পৰিষদ গঠন কৰি হ'লেও জনগোষ্ঠী কেইটাৰ উন্নয়ণ সাধিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনোৱা বুলি উল্লেখ কৰে বিজেপি নেতৃত্বই ৷
গুৱাহাটীত বিজেপিৰ বিধায়িনী দলৰ বৈঠক সমাপ্ত আনহাতে,পৰিস্থিতিত পৰিকল্পিত ষড়যন্ত্ৰকাৰী তথা ছ’চিয়েল মিডিয়াত অশ্লীল বাৰ্তা বিয়পোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ৰাজ্য চৰকাৰক আহ্বান বিজেপি বিধায়িনী দলৰ ৷ তাৰোপৰি অসম চুক্তিৰ 6 নং দফা অনুসৰি সৰ্বস্তৰৰ অৰ্থনৈতিক উন্নয়ন,নিবনুৱাক সংস্থাপন আৰু চৰকাৰী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত স্থানীয়সকলক নিযুক্তি দিয়া আৰু ৰাস্তা-ঘাট আদিৰ দ্ৰুত উন্নয়নৰ বাবে চৰকাৰক আহ্বান জনালে বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে ৷
লগতে চাওকঃCAA বিৰোধিতাৰ পৰিণতি : এন এছ জি নিৰাপত্তা প্ৰত্যাহাৰ প্ৰফুল্ল কুমাৰ মহন্তৰ