গুৱাহাটী, ৩১ মে’: গুৱাহাটীত ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ । টপচেম চিমেন্টৰ ব্ৰেড এম্বেচাদৰ হিচাপে উপস্থিত কিংবদন্তি ক্ৰিকেটাৰগৰাকী (Brand ambassador of Topcem Cement) । হোটেল ৰেডিচন ব্লু'ত কোম্পানীটোৱে আয়োজন কৰা এক সংবাদমেলত অংশগ্ৰহণ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ ।
টপচেম চিমেন্টে হাতত লোৱা 'সমৃদ্ধি আঁচনিৰ' শুভাৰম্ভ কৰে সুনীল গাভাস্কাৰে (Sunil Gavaskar in Guwahati)। আঁচনিৰ শুভাৰম্ভণিৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি কিংবদন্তি ক্ৰিকেটাৰগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে । তেওঁ কয় যে হাৰ্ডিক পাণ্ডিয়াই ভাৰতীয় ক্ৰিকেট দলত আনিছে নতুন সম্ভাৱনা । ৰোহিত শৰ্মাৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হোৱাৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈ হাৰ্ডিক । ৰিয়ান পৰাগ ভাল খেলুৱৈ, সম্ভাৱনাপূৰ্ণ ক্ৰিকেটাৰ বুলি মন্তব্য কৰে সুনীল গাভাস্কাৰে ।
টপচেম চিমেন্টে অসমত ক্ৰিকেটৰ প্ৰশিক্ষণ শিৱিৰ আয়োজন কৰিলে অংশগ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে । সংবাদিকে সোধা প্ৰশ্নত তেওঁ কয় যে যদি মোক কোনোবাই সুযোগ দিয়ে তেনেহলে মই নিশ্চয় সেই কেম্পত যোগদান কৰিম । অসমৰ উঠি অহা ক্ৰিকেটাৰসকলে যাতে উচ্চ পৰ্যায়ৰ খেল খেলিব পাৰে তাৰ বাবে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।