গুৱাহাটী, 17 জুলাই :"বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য তেনেই টুলুঙা আৰু সংগতিবিহীন ৷ এজাহাৰত স্পষ্টভাৱে উল্লেখ আছে যে কবিতাটোৰ দুটা লাইনৰ বাবে বৰ্ষাশ্ৰীৰ ওপৰত বেআইনী কার্যকলাপ প্ৰতিৰোধ আইন (ইউ এ পি এ)ৰ ধাৰা জাপি দিয়া হৈছে ৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকী আৰু আৰক্ষীয়ে কৈছে যে আলফাত যোগদান কৰিব বুলি কোৱাৰ কাৰণে গ্ৰেপ্তাৰ কৰা হৈছে ৷ বর্ষাশ্ৰীয়ে আলফাত যোগদান কৰিব বুলি কোৱাটো আৰক্ষীৰহে ভাষ্য ৷ অভিযুক্তই কৈছে নে নাই তাক আদালতহে প্ৰমাণ কৰিব ।’’ বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ কাৰাবাস সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ বাওঁ দলৰ ৷
এক সংবাদমেলযোগে বৰ্ষাশ্ৰীক বিনা চৰ্তে মুক্তি দিয়াৰ দাবী তোলে বাওঁপন্থী দলে ৷ তেওঁলোকে কয় যে, আলফাৰ প্ৰতি যদি যুৱ চাম আকৰ্ষিত হৈছে তেন্তে তাৰ বাবে ৰাষ্ট্ৰ পৰিচালনা কৰা ৰাজনীতিজ্ঞসকল দায়ী ৷ এনেদৰে দুমাহ ধৰি বর্ষাশ্ৰীক জেলত সুমুৱাই থোৱা কাৰ্য সম্পূৰ্ণ অবিবেচক, চৰম অমানৱীয়, অন্যায় আৰু গণতন্ত্ৰৰ পৰিপন্থী ৷ এয়া সংবিধান প্ৰদত্ত নাগৰিকৰ বাক স্বাধীনতাৰ ওপৰত চৰকাৰৰ আক্ৰমণৰ নগ্ন প্ৰকাশৰ বাহিৰে আন একো নহয় ৷
তেওঁলোকে লগতে কয়, ‘‘অসম ৰাজ্যখনক গণতন্ত্ৰৰ বধ্যভূমিত পৰিণত কৰি পুলিচৰাজ প্ৰতিষ্ঠা কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি বাঁওপন্থী দলে তীব্ৰ বিৰোধিতা কৰিছো ৷ অসমৰ ৰাইজক পুলিচৰাজৰ বিৰুদ্ধে ঐক্যৱদ্ধ হ'বলৈ আহবান জনাইছো" ৷
শনিবাৰে ৰাজগড়স্থিত চি পি আইৰ ৰাজ্যিক কাৰ্যালয়ত বামপন্থী দলসমূহে যৌথ সংবাদমেল সম্বোধন কৰি বাঁওপন্থী দল চিপিআই, চিপিআই (এম), চিপিআই (এম-এল) এ সকলো আইনী বাধা আঁতৰাই বিনাচৰ্তে শীঘ্ৰে বৰ্ষাশ্ৰীক মুক্তি দিবলৈ দাবী জনায় । লগতে ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনায় ৷ বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ ঘটনাৰ এজাহাৰৰ তদন্তত অপৰাধমূলক গাফিলতি কৰা আৰু আইনৰ ৰক্ষক হৈ ডিব্ৰুগড় জিলা অধীক্ষক গৰাকীয়ে অভিযুক্ত বৈদুলা খানৰ বাসগৃহ বুলড’জাৰেৰে ধ্বংস কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দি আৰক্ষী অধীক্ষক গৰাকীক নিলম্বিত কৰিবলৈ দাবী জনায় ৷
তেওঁলোকে কয় যে, বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰী গৰাকীৰ বক্তব্য তেনেই টুলুঙা আৰু সংগতিবিহীন ৷ এজাহাৰত স্পষ্টভাৱে উল্লেখ আছে যে কবিতাটোৰ দুটা লাইনৰ বাবে বৰ্ষাশ্ৰীৰ ওপৰত বেআইনী কার্যকলাপ প্ৰতিৰোধ আইন (ইউ এ পি এ)ৰ ধাৰা জাপি দিয়া হৈছে ৷