গুৱাহাটী, ৯ এপ্ৰিল: আশীৰ দশকত বাংলাদেশীৰ অবৈধ প্ৰবজনে অসমৰ জনগাঁথনিৰ প্ৰতি যি ভাবুকি কঢ়িয়াই আনিছিল, তাক কেৱল ৰাজনৈতিক অভিষ্ট সিদ্ধিৰ বাবে সাৰ পানী যোগাইছিল একাংশ ৰাজনৈতিক দল-সংগঠনে । অতি লক্ষণীয়ভাৱে এই কাৰ্যত বিশেষ তৎপৰতা লৈছিল বাওঁপন্থী ৰাজনৈতিক দল কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া(এম) দলে ।
আশীৰ দশকৰ আৰম্ভণিৰে পৰা অবিভক্ত দৰং জিলাৰ বিভিন্ন অঞ্চলত প্ৰৱেশ ঘটিছিল এতিয়াৰ বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীৰ । অতি সাৰুৱা কৃষিভূমিৰে পৰিপূৰ্ণ দৰং জিলাৰ খাগ্ৰাবাৰী, কলাইগাওঁ, নালাপাৰা আদি অঞ্চলত ৰাতিটোৰ ভিতৰতে বসতি আৰম্ভ কৰিছিল হাজাৰ হাজাৰ বাংলাদেশী প্ৰবজনকাৰীয়ে । লক্ষণীয়ভাৱে এনে প্ৰবজনক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উৎসাহিত কৰিছিল চি পি আই(এম) দলে ।
প্ৰয়াত হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ চিঠি শেহতীয়াকৈ এই কথা পোহৰলৈ আনিছে যোৱা পাঁচ এপ্ৰিলত ইহলীলা সম্বৰণ কৰা ৰাজ্যৰ এগৰাকী বিশিষ্ট বুদ্ধিজীৱি, কেইবাখনো চিন্তা উদ্ৰেককাৰী গ্ৰন্থৰ প্ৰণেতা তথা অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডি আই জি হিৰণ্য কুমাৰ ভট্টাচাৰ্যই ৰাজ্যৰ তদনান্তীন মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এখন বিভাগীয় চিঠিয়ে ।
ৰাজ্যত অব্যাহত বিৰোধী আন্দোলন, সমৰ্থন-বিৰোধিতাই জনজীৱন আতংকিত কৰি থকাৰ সময়তে প্ৰয়াত হিৰণ্য কুমাৰ ভট্টাচাৰ্যই তেওঁৰ চাকৰি কালত লিখা চিঠিখন তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ।
ভট্টাচাৰ্যৰ মৃত্যুৰ পাছতে ই টিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি অসম আৰক্ষীৰ আৰক্ষী উপ মহানিৰ্দেশক(সীমান্ত) হৈ থকাৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অৱৰ সচিবলৈ লিখা এই চিঠি ( চিঠি নং: ডি আই জি বি/চি/৩৯/৭৯/১৫০, গুৱাহাটী, ২১ মাৰ্চ ১৯৭৯)ত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, দৰং জিলাৰ খাগ্ৰাবাৰী, নালাপাৰা তথা শুক্লাই অঞ্চলত ভালেমান বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে বসতি স্থাপন কৰিছে ।
যেতিয়া অসম আৰক্ষীৰ দলে এই অবৈধ দখলৰ পৰা কৃষি আৰু অন্যান্য ভূমি মোকলাবলৈ অভিযান চলাইছিল তেতিয়া চি পি আই(এম) দলে বাধা প্ৰদান কৰিছিল । মনকৰিবলগীয়া যে, ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ কাৰ্যালয়ৰ নিৰ্দেশ অনুসৰি, সেই অসম আৰক্ষীয়ে অবিভক্ত দৰং জিলাত বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীৰ বসতি সন্দৰ্ভত এক অনুসন্ধান (মেমো নং চি এম এছ ২৪৬ /৭৮/২ডিটি ৩৮ চি/ ২৫-১-১৯৭৯) কৰিছিল আৰু আৰক্ষীৰ সীমান্ত বিভাগৰ দায়িত্বত থকা হিৰণ্য কুমাৰ ভট্টাচাৰ্যই সেই অনুসন্ধানৰ ভিত্তিতে লিখিছিল উল্লিখিত চিঠিখন, যি চিঠিত দৰঙত হোৱা প্ৰৱজনকাৰীৰ অবৈধ দখলৰ বাবে দায়ী কৰা হৈছিল চি পি এম দলক ।
এই খিনিতে উল্লেখ কৰিব লাগিব যে, ১৯৭৯ চনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা অসম আন্দোলনৰ প্ৰাৰম্ভিক আধাৰ আছিল অবিভক্ত দৰং জিলাত পৰিলক্ষিত হোৱা বাংলাদেশীৰ অনুপ্ৰৱেশ । আন্দোলনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেতিয়াৰ সাহসী আৰক্ষী বিষয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ এক প্ৰতিবেদনে অনুঘটকৰ ভূমিকা লৈছিল বুলি সচেতনজনে জানে । সেই চৰকাৰী বিভাগীয় প্ৰতিবেদন ক'ত কিদৰে আছে জনা নাযায় ।
কিন্তু ভট্টাচাৰ্যৰ উল্লেখিত চিঠিয়ে স্পষ্ট কৰিছে যে, আশীৰ দশকত কেৱল দৰঙতেই নহয় ৰাজ্যৰ বিভিন্ন অঞ্চলত বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ছানি ধৰিছিল আৰু প্ৰবজিতৰ অবৈধ দখলৰ অভিযানক মান্যতা দিবলৈ উঠি-পৰি লাগিছিল একাংশ ৰাজনৈতিক দল-সংগঠন ।
এনে কাৰ্যত ভট্টাচাৰ্যৰ চিঠি অনুসৰি জড়িত আছিল বাওঁপন্থী দল চি পি এম । উল্লেখযোগ্য যে, সেই সময়ত অসমত বাওঁপন্থী ৰাজনৈতিক দলসমূহৰ আধিপত্য লক্ষণীয় আছিল । বিধানসভাৰ মজিয়াত বাওঁপন্থী দল-মতাদৰ্শৰ বিধায়কৰ সংখ্যা আছিল ২০ গৰাকী । প্ৰয়াত হিৰণ্য কুমাৰ ভট্টাচাৰ্যই চাৰিটা দশকৰ আগতেই লিখা এই বিভাগীয় চিঠিৰ ৰাজনৈতিক আৰু সামাজিক মূল্য আজি যেন পূনৰ প্ৰাসংগিক হৈ উঠিছে ।
বিশেষকৈ চি পি এম আৰু অন্যান্য বাওঁপন্থী দল-সংগঠনসমূহে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আন্দোলন অব্যাহত ৰখাৰ সময়ত এই কথাও স্পষ্ট যে, আজিৰে পৰা চাৰিটা দশকৰ আগতেই কেৱল নিজৰ ৰাজনৈতিক ভিত্তি সবল কৰাৰ কাৰণে অসমৰ বসতি আৰু সাৰুৱা কৃষিভূমি বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ হাতত এৰি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল ।
লগতে পঢ়ক:ফিল'বাৰীত দুষ্প্ৰাপ্য লাজুকী বান্দৰৰ পোৱালি উদ্ধাৰ