অসম

assam

ETV Bharat / state

Dhiren Barua passed away: গুৱাহাটীপ্ৰাণ ধীৰেন বৰুৱাৰ দেহাৱসান - Lokbandhu Dr Bhubaneswar Barua Cancer Institute

গুৱাহাটী শোধনাগাৰ, লোকবন্ধু ড৹ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান, এন এফ ৰে'লৱেৰ মুখ্য কাৰ্যালয়, ছেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ অন্যতম প্ৰতিষ্ঠাপক ধীৰেন বৰুৱা আৰু নাই (NF Railway headquarters)। সমাজবাদী আন্দোলনৰ গুৰিধৰোঁতা নেতাগৰাকীৰ মৃত্য়ুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ ।

Dhiren Barua passed away in Guwahati
সমাজবাদী আন্দোলনৰ গুৰিধৰোতা নেতাৰ বিয়োগ

By

Published : May 23, 2023, 8:35 PM IST

গুৱাহাটী, ২৩ মে':বৰ্ষীয়ান সমাজবাদী আন্দোলনৰ গুৰিধৰোতা নেতা, গুৱাহাটীপ্ৰাণ ধীৰেন বৰুৱাৰ দেহাৱসান (Dhiren Barua passed away in Guwahati) ৷ মহানগৰীৰ এপল' হস্পিতালত ৯৫ বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰে ৷ তেওঁৰ নশ্বৰদেহ হাস্পতালৰ পৰা পোনেপোনে নিয়া হয় আমবাৰী লেম্বৰোডস্থিত বাসগৃহলৈ । তাৰ পিছত লতাশিল খেলপথাৰলৈ নিয়াত তাত বিভিন্ন দল সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতে আবিলি ৫ বজাত নৱগ্ৰহ শ্মশানত গুৱাহাটী প্ৰাণ ধীৰেন বৰুৱাৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয় । মৃত্য়ুৰ সময়ত তেওঁ পুত্ৰ, বোৱাৰী, কন্য়া-জোঁৱাই, নাতিৰ লগতে বহুতো গুণমুগ্ধ এই সংসাৰত এৰি যায় ।

উল্লেখ্য যে, নিৰৱ দেশকৰ্মী যোগেন্দ্ৰ নাথ বৰুৱা আৰু প্ৰয়াত প্ৰভাৱতী বৰুৱাৰ পুত্ৰ ধীৰেন বৰুৱাৰ গুৱাহাটীত জন্ম হৈছিল ১৯২৭ চনৰ ১৮ ডিচেম্বৰত । লতাশিল প্ৰাথমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ ঐতিহ্যমণ্ডিত কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা সময়ত ছাত্ৰ কংগ্ৰেছত যোগদান কৰিছিল ধীৰেন বৰুৱাই । তেওঁ ছাত্ৰ কংগ্ৰেছত যোগদান কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত সমাজবাদী আন্দোলনত অংশগ্ৰহণ কৰে ।

অসম হিতৈষী সাংসদ হেম বৰুৱাৰ (Assams benevolent MP Hem Baruah) নেতৃত্বত চলা ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলং, গুৱাহাটী শোধনাগাৰ, লোকবন্ধু ড৹ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান (Lokbandhu Dr Bhubaneswar Barua Cancer Institute), এন এফ ৰে'লৱেৰ মুখ্য কাৰ্যালয়, বিশ্বৰ প্ৰথমখন চহৰীয়া মঞ্চ বিহু, ছেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ অন্যতম প্ৰতিষ্ঠাপক আছিল ধীৰেন বৰুৱা (Save Guwahati Build Guwahati)।

তেওঁ গুৱাহাটীৰ জাইকাৰ খোৱা পানীৰ প্ৰকল্পৰো অন্যতম হোতা আছিল । ১৯৫৬-৬২ চনলৈ ধীৰেন বৰুৱা গুৱাহাটী পৌৰ পৰিষদৰ নিৰ্বাচিত সদস্য আছিল (Guwahati Municipal Council)। তদুপৰি ২০১৪- ১৭ চনলৈ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ।

সমাজবাদী আন্দোলনৰ গুৰিধৰোঁতা নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আনহাতে, ছেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ সাধাৰণ সম্পাদক তথা ধীৰেন বৰুৱাৰ সহযোদ্ধা কৈলাশ শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে । তদুপৰি ধীৰেন বৰুৱাৰ বিয়োগত প্ৰেছ ক্লাৱ অসমে গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক:HSLC Result 2023: শাৰীৰিক অসুস্থতাকো আওকান কৰি সফলতাৰে গৌৰৱ কঢ়িয়ালে টীয়কৰ প্ৰবালে

ABOUT THE AUTHOR

...view details