গুৱাহাটী, 30 মে':ৰাজ্যিক কেবিনেটত শেহতীয়াভাবে সংখ্যালঘু সকলক আছুতীয়া প্ৰমাণ-পত্ৰ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ (State cabinet decided to issue certificates to minorities)কৰাৰ পিছত ইয়াক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজ্যিক কেবিনেটত শেহতীয়াকৈ সংখ্যালঘু সকলক আছুতীয়া প্ৰমাণ-পত্ৰ দিয়াৰ বাবে গ্ৰহণ কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
উল্লেখ্য যে ৰাজ্যত অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিচপৰা শ্ৰেণী আদি লোকৰ জাতিগত প্ৰমাণপত্ৰ আছে । কিন্তু ৰাজ্যখনৰ সংখ্যালঘু লোকসকলৰ কোনো তেনেধৰণৰ প্ৰমাণপত্ৰৰ ব্যৱস্থা নাই । সেয়ে ৰাজ্যৰ ছটা ভিন ভিন ধৰ্মীয় সম্প্ৰদায়ক এনে প্ৰমাণপত্ৰ প্ৰদানৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই ছটা সম্প্ৰদায়ৰ ভিতৰত আছে মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী ।