অসম

assam

ETV Bharat / state

মিঞা মিউজিয়ামৰ প্ৰসংগ নিৰ্বাচনৰ বিষয় হ'ব নোৱাৰে : দেৱব্ৰত শইকীয়া - বিজেপি

মিঞা মিউজিয়াম প্ৰসংগক লৈ হোৱা বিতৰ্কক অপ্ৰয়োজনীয় আখ্যা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ তেওঁ মন্তব্য কৰে যে যাদুঘৰক লৈ বিজেপিয়ে ৰাজনীতি কৰিলেও কংগ্ৰেছে মিঞা মিউজিয়াম প্ৰসংগক নিৰ্বাচনী বিষয় হিচাপে নলয় ৷ যাদুঘৰ নিৰ্মাণৰ পৰিৱৰ্তে অসমৰ অন্যান্য সমস্যা সমূহক অধিক প্ৰয়োজনীয় আখ্যা শইকীয়াৰ ৷

মিঞা মিউজিয়াম প্ৰসংগ নিৰ্বাচনৰ বিষয় হ'ব নোৱাৰে : দেৱব্ৰত শইকীয়া
মিঞা মিউজিয়াম প্ৰসংগ নিৰ্বাচনৰ বিষয় হ'ব নোৱাৰে : দেৱব্ৰত শইকীয়া

By

Published : Oct 29, 2020, 8:55 PM IST

গুৱাহাটী, 29 অক্টোবৰ:"যাদুঘৰক লৈ আমাৰ নিৰ্বাচন হ'ব নোৱাৰে ৷ আগন্তুক নিৰ্বাচনত আমাৰ মূল বিষয় হ'ব অসমীয়া মানুহৰ সমস্যাসমূহ ৷ মিঞা মিউজিয়াম প্ৰসংগ কোনোপধ্যেই বিতৰ্কৰ বিষয় হ'ব নোৱাৰে ৷" এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ মিঞা মিউজিয়াম প্ৰসংগইসমগ্ৰ ৰাজ্য তোলপাৰ লগোৱাৰ মাজতে বিৰোধী দলপতি গৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে বিজেপি (ভাৰতীয় জনতা পাৰ্টী) য়ে মূল সমস্যাৰ পৰা আঁতৰি মিঞা মিউজিয়ামৰ ৰাজনীতি কৰিছে ৷ তেওঁ কয় যে বিজেপিয়ে মিঞা মিউজিয়ামক লৈ ৰাজনীতি কৰিব খুজিলেও ভাৰতীয় জাতীয় কংগ্ৰেছে সেইয়া হ'ব নিদিয়ে ৷

মিঞা মিউজিয়াম প্ৰসংগ নিৰ্বাচনৰ বিষয় হ'ব নোৱাৰে : দেৱব্ৰত শইকীয়া

শইকীয়াই কয় যে, যাদুঘৰৰ কথা চিন্তা কৰাতকৈ অসমৰ মানুহে ভুগি থকা মূল সমস্যাসমূহ সমাধানেহে বৰ্তমান সময়ত প্ৰাধান্য পোৱা উচিত ৷ বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত অসমৰ মানুহে যুঁজ দি থকা সমস্যসমূহৰ কথা উনুকিয়াই শইকীয়াই কয়, "আমাৰ অসমত প্ৰদান সমস্যা সমূহ হ'ল বিজেপি দলে তেওঁলোকৰ ভিছন ডকুমেন্টত দিয়াৰ নিচিনাকৈ ২৫ লাখ নিবনুৱাক সংস্থাপন, ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণ, বিদেশী বহিষ্কাৰ, অসম চুক্তি আখৰে আখৰে পালন, চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, ঘৰে ঘৰে ২৪ ঘন্টা বিজুলী ইত্যাদি বোৰ ৷

কিন্তু এই সমস্যা সমূহ সমাধান কৰাত ব্যৰ্থ হোৱা চৰকাৰ খনে এতিয়া শাসনৰ লালসাত মোগল সভ্যতাৰ পৰা মিঞা আগ্ৰাসন আৰু এতিয়া মিঞা মিউজিয়ামলৈ কিছুমান অলাগতীয়াল বিষয়ৰ ওপৰত ইচ্ছু বনাই ৰাইজৰ মন বিচলিত কৰিব বিচাৰিছে ৷ আমি কংগ্ৰেছ দলে এয়া হ'বলৈ নিদিও । আমাৰ স্পষ্ট স্থিতি হ'ল - ৰাইজৰ মৌলিক সমস্যা সমূহ কেনেকৈ সমাধান কৰিব পাৰি, সাধাৰণ ৰাইজক কোঙা কৰি পেলোৱা মূল্য বৃদ্ধিক কেনেকৈ হ্ৰাস কৰিব পাৰি তাৰ ওপৰত আমাৰ দলৰ নীতি আৰু স্থিতি ৰাইজৰ আগত দাঙি ধৰা । গতিকে বিজেপি নেতৃত্বাধীন চৰকাৰ খনে সাম্প্ৰদায়িকতাৰ জালত আমাৰ দলক ফচাব বিচাৰিলেও আমি তাত নপৰো আৰু মই ভাবো ৰাইজেও তাত বেছি গুৰুত্ব দিয়াটো অপ্ৰয়োজনীয়।

মিঞা মিউজিয়াম প্ৰসংগত কংগ্ৰেছ দলৰ এগৰাকী বিধায়কে দিয়া মন্তব্যক অপ্ৰয়োজনীয় আখ্যা দি শইকীয়াই উল্লেখ কৰে যে কংগ্ৰেছ দলৰ হাই কামাণ্ডে এনে মন্তব্য প্ৰদানৰ ক্ষেত্ৰত পূৰ্বতেই বাধা দি থৈছে ৷ তেওঁ কয় যে অসম বিধানসভাত মিঞা মিউজিয়ামৰ প্ৰশ্ন উত্থাপন হোৱা নাই ৷ অসমৰ চৰ-চাপৰি অঞ্চলৰ ৰাইজৰ কৃষ্টি-সভ্যতা ৰক্ষা কৰিবলৈ এটা যাদুঘৰৰ প্ৰসংগহে বিধানসভাত উত্থাপিত হৈছিল ৷

শইকীয়াই লগতে কয় যে আজিৰ তাৰিখত সংগ্ৰাহালয় নিৰ্মাণ কৰাতকৈ লকডাউন আৰু চৰকাৰৰ জনবিৰোধী নীতিৰ ফলত সাধাৰণ ৰাইজে জীয়াই থাকিবলৈ সন্মুখীন প্ৰত্যাহ্বান সমূহহে প্ৰধান আলোচ্য বিষয় হোৱা উচিত ৷ পেট্ৰ'লিয়াম জাতীয় সামগ্ৰী, দৈনন্দিন ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য, নিবনুৱাৰ হাৰ বৃদ্ধিৰ দৰে সমস্যাই ৰাজ্যক জুৰুলা কৰি ৰখাৰ সময়ত যাদুঘৰ নিৰ্মাণ নিৰ্বাচনী বিষয় হ'ব নোৱাৰে ৷
লগতে পঢ়ক:মই এজন মিঞা: শ্বেৰমান আলী আহমেদ

ABOUT THE AUTHOR

...view details