গুৱাহাটী, 30 আগষ্ট : হ্ৰাস হ'ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৷ ৰাখী বন্ধন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হ্ৰাস কৰিলে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৷ উল্লেখ্য যে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 200 টকা হ্ৰাস কৰা হৈছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷
তেওঁ কয় যে চৰকাৰে ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম দুশ টকাকৈ হ্ৰাস কৰিছে ৷ বৰ্ত্তমান সময়ত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 1,150 টকাৰ পৰা 1,200 টকা ৷ দুশ টকা হ্ৰাস হ'লে 950 টকাৰ পৰা 1000 টকা হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৷ তেওঁ কয় যে ৰাখী বন্ধনৰ উপহাৰ হিচাবে এই মূল্য হ্ৰাস কৰাক লৈ বহুতে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে ৷ কিন্তু এই কথা পাহৰিলে নহ'ব যে কংগ্ৰেছৰ শাসন কালত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 500 টকাও নাছিল ৷ 2014 চনত 410 টকাৰ পৰা 440 টকাৰ ভিতৰত আছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৷ বিজেপিয়ে ভাল দিনৰ সপোন দেখুৱাই সেই ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 9 বছৰত হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰিলে বুলি তেওঁ কয় ৷