অসম

assam

ETV Bharat / state

Debabrata Saikia: তেখেতে ধৰ্মীয় কাম-কাজতেই মন দিয়া উচিত- আজমললৈ পৰামৰ্শ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ

অব্যাহত সাংসদ বদৰুদ্দিন আজমল আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ তৰ্কযুদ্ধ ৷ আজমলক সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ অনুৰোধ বিৰোধী দলপতিৰ ৷

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 7:16 PM IST

Debabrata Saikia Criticizes Badruddin Ajmal
বদৰুদ্দিন আজমল আৰু দেৱব্ৰত শইকীয়াৰ তৰ্কযুদ্ধ

আজমলক পৰামৰ্শ দেবব্ৰত শইকীয়াৰ

গুৱাহাটী, 25 অক্টোবৰ : কাৰ দেহত কিহৰ ডিএনএ ? ডিএনএ প্ৰসংগক লৈ সাংসদ বদৰুদ্দিন আজমল আৰু বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ তৰ্কযুদ্ধ ৷ ''আজমল হালিম মানুহ ৷ তেখতক ধৰ্মীয় গুৰু বুলিয়েই ভাবো ৷ তেখেতে ধৰ্মীয় কাম-কাজতেই মন দিয়া উচিত ৷ ধৰ্মই বিষবাস্প নিবিয়পায় ৷ সেয়ে আজমললৈ মোৰ অনুৰোধ তেখেতে সাম্প্ৰদায়িক মন্তব্য কৰি থাকিব নালাগে...৷” এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ প্ৰতি এই প্ৰত্যাক্ৰমণ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াৰ ৷

শেহতীয়াকৈ বদৰুদ্দিন আজমলে মুছলমান যুৱক-যুৱতীৰ চৰিত্ৰক লৈ এলানি বিতৰ্কিত মন্তব্য কৰিছিল ৷ এই প্ৰসংগত আজমলৰ ডিএনএ পৰীক্ষাৰ কথা উল্লেখ কৰি এআইইউডিএফ প্ৰধানজনক আক্ৰমণ কৰিছিল দেবব্ৰত শইকীয়াই ৷ তাৰ প্ৰত্যুত্তৰত আজমলে দেবব্ৰত শইকীয়াৰ ডিএনএ পৰীক্ষা কৰিলে থাইলেণ্ড-বাইলেন-হাইলেন ওলাব বুলি পৰোক্ষভাৱে কটাক্ষ কৰিছিল ৷

ইয়াৰ পিছতেই বুধবাৰে দেৱব্ৰত শইকীয়াই প্ৰত্যুত্তৰ দিলে বদৰুদ্দিন আজমলক ৷ আজমলক এই বিষয়টো তেওঁৰ বিধায়কসকলৰ দ্বাৰা বিধানসভাত বিতৰ্ক বা আলোচনাৰ বাবে উত্থাপন কৰিবলৈ পৰামৰ্শ জ্যেষ্ঠ কংগ্ৰেছী নেতাজনৰ ৷ লগতে মিঞা শব্দটো মিঞা সকলক তুচ্ছাৰ্থত ব্যৱহাৰ কৰিবলৈ আজমলে আনসকলক প্ৰৰোচিত কৰা বুলি গুৰুতৰ অভিযোগ কৰে দেৱব্ৰত শইকীয়াই ৷ এই সন্দৰ্ভত বিৰোধী দলপতিজনে কয় যে, মিঞা শব্দটোৰ অপব্যৱহাৰ কৰিছে আজমলে ৷ আজমলৰ দৰে হালিম ধৰ্ম গুৰুৱে কোৱা এনেবোৰ কথা গ্ৰহণযোগ্য নহয় ৷ ধৰ্ম চৰ্চা কৰা লোকৰ মুখত এনে তৰল কথা শোভা নাপায় ৷ লগতে তেওঁৰ দৰে ব্যক্তিক গুৰুত্ব নিদিয়ে বুলি মন্তব্য বিৰোধীৰ দলপতি দেবব্ৰত শইকীয়াৰ ৷

উল্লেখ্য যে, অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকক লৈ মন্তব্য কৰি বিতৰ্কত সাঙোৰ খাই পৰিছে এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল । সাংসদ বদৰুদ্দিন আজমলৰ এই মন্তব্যক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। এইবাৰ আজমলক প্ৰত্যুত্তৰ দিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷

লগতে পঢ়ক :Sarat Barkataki Health Condition : জি এম চি এইচত শৰৎ বৰকটকীৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্রীয়ে

ABOUT THE AUTHOR

...view details