অসম

assam

ETV Bharat / state

গাখীৰ বিচাৰি ভৱেশ কলিতা-প্ৰমোদ বড়োলৈ ঘাঁহৰ বীজ পঠিয়ালে কোনে ?

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে থাওৰা আৰু গোসাইগাঁও সমষ্টিত বিজেপি আৰু ইউ পি পি এলক দানা খুৱাবলৈ ৰাজহুৱাকৈ আহ্বান জনাই কৈছিল যে ৰাইজে দানা দিলে এদিনত ২৬ লিটাৰকৈ গাখীৰ পাব ৷ ইয়াৰ পিছতে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিটচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োলৈ ৪ কিলোগ্ৰামকৈ গৰুৱে খোৱা উন্নত মানৰ ঘাঁহৰ বীজ প্ৰেৰণ কৰিছে ।

leader-of-opposition-debabrat-saikia-sent-high-quality-grass-seed-to-bjp-and-uppl-leaders
গাখীৰ বিচাৰি ভৱেশ কলিতা-প্ৰমোদ বড়োলৈ ঘাঁহৰ বীজ পঠিয়ালে কোনে ?

By

Published : Oct 29, 2021, 5:52 PM IST

গুৱাহাটী, ২৯ অক্টোবৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ আলম লৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিটচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োলৈ ৪ কিলোগ্ৰামকৈ গৰুৱে খোৱা উন্নত মানৰ ঘাঁহৰ বীজ প্ৰেৰণ কৰিছে । তদুপৰি তেওঁ অসমৰ ৰাইজক দুয়োটা দলৰ সদস্যৰ ব্যৱহাৰৰ বাবে দানা পঠাবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে থাওৰা আৰু গোসাইগাঁও সমষ্টিত বিজেপি আৰু ইউ পি পি এলক দানা খুৱাবলৈ ৰাজহুৱাকৈ আহ্বান জনাইছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰি ৰাইজে দানা দিলে এদিনত ২৬ লিটাৰকৈ গাখীৰ দিব আৰু ৰাইজে গাখীৰ খাবলৈ পাব বুলি মন্তব্য কৰিছিল ।

গাখীৰ বিচাৰি ভৱেশ কলিতা-প্ৰমোদ বড়োলৈ ঘাঁহৰ বীজ পঠিয়ালে কোনে ?

মুখ্যমন্ত্রীৰ এই বক্তব্যৰ পাছতে শুকুৰাবাৰে এক পত্ৰৰ জৰিয়তে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়, '' আন্তঃৰাষ্ট্ৰীয় এক সমীক্ষাত ভাৰতবৰ্ষৰ বহু শিশু অপৰিপুষ্টিকতাত ভোগি আছে বুলি এক তথ্য প্ৰকাশ পাইছে। যোৱা কেইবছৰৰ আৰ্থিক মন্দাৱস্থা, বিমুদ্ৰাকৰণ, জি এছ টিকে ধৰি বিশেষকৈ যোৱা দুটা বছৰত দেশ তথা ৰাজ্যত হোৱা ক'ভিড সৃষ্ট পৰিৱেশত বহু পৰিয়ালে নিজৰ সাধাৰণ আহাৰৰ লগতে কণ কণ মইনাহতৰ বাবে পুষ্টিকৰ আহাৰ যোগান ধৰাৰ বাবেও সামৰ্থ হেৰুৱাইছে।''

সেয়েহে মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিৰ্বাচনী সভাত জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই দেবব্ৰত শইকীয়াই তেওঁৰ ফালৰ পৰা ৪ কিলোগ্ৰামকৈ গৰুৱে খোৱা ঘাঁহৰ বীজ ভৱেশ কলিতা আৰু প্ৰমোদ বড়োলৈ প্ৰেৰণ কৰিছে । ইয়াৰোপৰি শুভাকাংক্ষী সকলোকে দল দুটাৰ সদস্যসকলৰ বাবেও দানা যোদান ধৰিবলৈ আহ্বান জনাইছে । যাতে দল দুটাৰ সদস্য সকলে দৈনিক ২৬ লিটাৰ কৈ গাখীৰ দিব পাৰে আৰু প্ৰতি ঘৰ পৰিয়ালে গাখীৰ খোৱাৰ উপৰিও ৰাহি হোৱা গাখীৰ চৰকাৰে দিয়া চাউলৰ লগত ব্যৱহাৰ কৰি পায়স তৈয়াৰ কৰিব পাৰে ।

তেওঁ লগতে উল্লেখ কৰিছে যে, এনে কৰিলে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে পইতা ভাতৰ পৰিৱৰ্তে পায়স খোৱাৰ ব্যৱস্থা সম্ভৱপৰ কৰি তুলিব পৰা যাব । বীজ প্ৰেৰণ কৰাৰ লগতে বিৰোধী দলপতিগৰাকীয়ে ভৱেশ কলিতা আৰু প্ৰমোদ বড়োলৈ পত্র প্ৰেৰণ কৰি সবিশেষ উল্লেখ কৰিছে কংগ্ৰেছ নেতা গৰাকীয়ে । উল্লেখ্য যে, ঘাঁহৰ বীজ বিৰোধী দলপতি গৰাকীয়ে প্ৰমোদ বড়োলৈ তেওঁৰ গাঁৱৰ ঠিকনাত আৰু ভৱেশ কলিতালৈ তেওঁৰ বিধায়ক আৱাসৰ ঠিকনাত প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:তামুলপুৰত উপ-নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি বাক্সা জিলা প্ৰশাসনৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details