গুৱাহাটী,15জুলাইঃ কৰ'ণা ভাইৰাছৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া বানৰ বিভীষিকা ৷ বিপদসীমাৰ ওপৰৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । মঙলবাৰে নিশাৰ ভাগলৈ হুৰাহুৰে বৃদ্ধি হয় ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ বুধবাৰে এই পৰিমাণ কিছু হ্ৰাস পাই বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ হৈছে 50.69 মিটাৰ ৷
ব্ৰহ্মপুত্ৰৰ পানীত ডুব গ'ল লক্ষ্মী-নাৰায়ণৰ মূৰ্তি - বিপদসীমাৰ ওপৰেৰে গতি কৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ
ৰাজ্যখনৰ অধিকাংশ জিলাতে বানে সংহাৰী ৰূপ লোৱাত নাজল-নাথল অৱস্থা হৈছে ৰাজ্যবাসীৰ ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে গতি কৰিছে ৷ জলস্তৰে বিপদসীমা অতিক্ৰম কৰাত শেহতীয়াকৈ পানীত ডুব গৈছে ব্ৰহ্মপুত্ৰৰ বক্ষত থকা চক্ৰেশ্বৰ মন্দিৰৰ লক্ষ্মী-নাৰায়ণৰ মূৰ্তি ৷
ইফালে মহাবাহুৰ বাঢ়নি পানীয়ে ইতিমধ্যেই বিভিন্ন স্থান বুৰাই পেলাইছে। মহানগৰীৰ কালীপুৰস্থিত চক্ৰেশ্বৰ দেৱালয়ৰ এটা অংশ বৰ্তমানৰ বানৰ কৱলত। ব্ৰহ্মপুত্ৰৰ বক্ষত থকা লক্ষ্মী-নাৰায়ণৰ মূৰ্তি ডুব গৈছে পানীৰ তলত । কেৱল নাগ দেৱতাৰ ওপৰ অংশহে পানীৰ ওপৰত আছে । প্ৰতিবছৰে মূৰ্তি ডুব যায় যদিও এইবাৰ কিন্তু লক্ষ্মী-নাৰায়ণৰ মূৰ্তি সম্পূৰ্ণৰূপে ডুব যোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ দ্বাৰা লুইতৰ জলস্তৰ কিমান হাৰত বৃদ্ধি পাইছে সেয়া উমান কৰিব পৰা গৈছে ৷
লগতে পঢ়কঃব্ৰহ্মপুত্ৰত উটি অহা হৰিণা ভক্ষণৰ চেষ্টা সদিলাপুৰত
TAGGED:
Water level