গুৱাহাটী,১১ ছেপ্টেম্বৰ: বিগত কেইবাদিন ধৰি ৰাজ্যজুৰি বিশেষ চৰ্চা লাভ কৰা এটা নাম হৈছে 'ভিক্টৰ দাস' । ৰাজ্য চৰকাৰে ২৬ হাজাৰ চাকৰিৰ বাবে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা ব্যৱস্থাৰে পৰীক্ষা(Assam Govt Recruitment 2022) অনুষ্ঠিত কৰা বুলি দাবী কৰাৰ বিপৰীতে ভিক্টৰ দাসে ধনৰ লেনদেন হোৱাৰ অভিযোগেৰে কৰিছিল এটা টুইট(Victor Das alleged corruption in recruitment) । সেই টুইটক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ কৰা হৈছে ভিক্টৰ দাসক(Victor Das arrested by Guwahati police) । অসম চৰকাৰৰ চাকৰিৰ নামত ধনৰ ক’লা বজাৰ চলাৰ অভিযোগ উত্থাপন কৰা অভিযোগকাৰী ক’চিং চেণ্টাৰৰ শিক্ষক ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
চাকৰিৰ নামত প্রাক্তন বিধায়কৰ নেতৃত্বত এটা চক্ৰই ধন সংগ্ৰহ কৰা বুলি অভিযোগ কৰা ভিক্টৰ দাসক আশ্চর্যজনকভাৱে ধন দাবী আৰু ধৰ্মীয় ঘৃণাৰ বিষবাষ্প বিয়পোৱাৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীৰ এই কার্যক বেআইনী বুলি অভিযোগ কৰিছে আইনজ্ঞ মহলে । এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই কয় যে ভিক্টৰ দাসে এটা অভিযোগ দিছিল । কিন্তু আৰক্ষীয়ে সেই অভিযোগৰ ভিত্তিত গোচৰ ৰুজু নকৰাটো আশ্চর্যজনক ।
ভিক্টৰে টুইটত কৈছিল যে চাকৰিৰ প্ৰক্ৰিয়াত অনিয়ম চলি আছে আৰু কাৰো নাম ৰাজহুৱাকৈ উল্লেখ কৰা নাছিল । কেৱল অভিযোগহে আনিছিল । কিন্তু সেই অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰিব লাগিছিল আৰক্ষীয়ে । ভিক্টৰ দাসৰ টুইটক FIR হিচাপে পঞ্জীয়ন কৰিব লাগিছিল । তাকে নকৰি অভিযোগকাৰীজনকে অভিযুক্ত সজাই তেওঁৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰা হ’ল । অভিযোগকাৰীজনৰ বিৰুদ্ধে যিবোৰ ধাৰা লগাইছে, সেইবোৰ কেতিয়াও প্ৰয়োগ কৰিব নোৱাৰি ।
IPC ১৫৩ (A) ধাৰা আৰোপ কৰিছে । অর্থাৎ ভিক্টৰৰ বিৰুদ্ধে ধৰ্মীয় ঘৃণাৰ বিষবাষ্প বিয়পোৱাৰ অভিযোগ অনা হ’ল । ধনদাবীৰ ধাৰা লগাইছে । কিন্তু ভিক্টৰে ক’ত ধনদাবী কৰিছে । অথচ সামাজিক মাধ্যমত ভিক্টৰ দাসে যিটো তথ্য উত্থাপন কৰিছিল, সেইটো এটা বিচাৰযোগ্য গোচৰ । কিন্তু তাকে আৰক্ষীয়ে FIR হিচাপে লৈ পঞ্জীয়ন নকৰিলে । উক্ত অভিযোগৰ তদন্ত নকৰাকৈ ওলোটাই নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ভিক্টৰ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে । অর্থাৎ অভিযুক্তকাৰী নিজেই আচামীলৈ পৰিগণিত হ’ল ।
এইক্ষেত্ৰত আইনৰ বহু ধাৰা ভংগ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে । এইধৰণৰ ঘটনা অব্যাহত থাকিলে ৰাইজৰ ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা কমি আহিব । অনিয়মৰ তথ্য পালে আৰক্ষীক জনোৱাটো নাগৰিকৰ কৰ্তব্য । আৰক্ষীক নজনোৱাটোহে অপৰাধ । ভিক্টৰ দাসে নিজৰ কৰ্তব্য পালন কৰিছিল । কিন্তু কর্তব্য পালন কৰি নিজেই আচামী হ’লগৈ । ভিক্টৰ দাসৰ কথাটো সত্য নে অসত্য তাৰ কোনো তদন্তই নহ'ল ।