গুৱাহাটী,15 জুন:বিগত কিছুবছৰৰ ভিতৰত ৰাজ্যত গণ আক্ৰমণৰ ঘটনা যি হাৰত বৃদ্ধি পাইছে তাকে দেখি এতিয়া উদ্বিগ্ন হৈ পৰিছে জন সাধাৰণ । সচেতন ৰাইজে গণ আক্ৰমণৰ ঘটনা ৰোধ কৰিবলৈ কঠোৰ আইন প্ৰণয়নৰ দাবী জনোৱাৰ মাজতে এইবাৰ গণ আক্ৰমণৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ দাবীত ওলাই আহিল সদৌ অসম আইন ছাত্ৰ সন্থা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা এই অমানৱীয় ঘটনাৰ বিৰুদ্ধে চৰকাৰখনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ইয়াকে লৈ পোনপটীয়া প্ৰশ্ন কৰে সন্থাটোৱে । চৰকাৰে এইক্ষেত্ৰত বৰ্তমানলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে তীব্ৰ সমালোচনা কৰা সন্থায়ে অৱশেষত কাষ চাপিছে মানৱ অধিকাৰ আয়োগৰ ৷
গণ আক্ৰমণৰ ৰোধৰ ব্যৱস্থা সন্দৰ্ভত চৰকাৰলৈ প্ৰশ্ন সদৌ অসম আইন ছাত্ৰ সন্থাৰ
ৰাজ্যত সংঘটিত হৈছে এটাৰ পিছত আনটো গণ আক্ৰমণৰ ঘটনা । বিগত এমাহত ভিন্ন প্ৰান্তত সংঘটিত হৈছে চাৰিটাকৈ গণ আক্ৰমণৰ ঘটনা ৷ গণ আক্ৰমণৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে সৰৱ হৈ পৰে সদৌ অসম আইন ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল ৷
সোমবাৰে সন্থাটোৰ এটা দলে মানৱ অধিকাৰ আয়োগৰ কার্যালয়ত উপস্থিত হৈ শীঘ্ৰে গণ আক্ৰমণৰ বিৰুদ্ধে এখন কঠোৰ আইন বলৱৎ কৰিবলৈ দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰে । লগতে এনে কাণ্ডত জড়িত ব্যক্তিসকলক ফাঁচীৰ নিচিনা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই ছাত্ৰ সন্থাটোৱে । উল্লেখ্য যে,বিগত 12 জুনত মহানগৰীৰ নুনমাটিত ঋতুপৰ্ণ পেগু নামৰ এজন যুৱকক কেইজনমান লোকে এক সাধাৰণ কথাতে তৰ্কত লিপ্ত হৈ ডিঙি ৰেপি হত্যা কৰে ৷ পেগুৰ এই নিৰ্মম হত্যাকাণ্ডই সম্প্ৰতি জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য ।
লগতে চাওকঃজয়ন্ত বৰাৰ মৃত্যুৰ তদন্ত ঘোষণা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ