অসম

assam

ETV Bharat / state

লাভলীনা আহি আছে... - Bimal Bora

সোমবাৰে দিনৰ 3 বজাত লাভলীনাসহ অলিম্পিকত ভাগ লোৱা ভাৰতীয় খেলুৱৈৰ দলটো অৱতৰণ কৰিব দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত । 15 আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পদকপ্ৰাপ্ত সকলো খেলুৱৈকে সম্বৰ্ধনা জনাব প্ৰধানমন্ত্ৰীয়ে ।

Lavlina to step on country tomorrow etv bharat assam news
লাভলিনা আহি আছে...

By

Published : Aug 8, 2021, 6:54 PM IST

Updated : Aug 8, 2021, 7:24 PM IST

গুৱাহাটী, 8 আগষ্ট : সমগ্ৰ অসমবাসীৰ বুকু গৌৰৱেৰে ওফন্দাই তোলা অসমকন্যা লাভলীনাই সোমবাৰে দেশৰ মাটিত ভৰি দিব । অলিম্পিকত পদক আজুৰি অনা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ লাভলীনা বৰগোহাঁই (Lavlina Bargohain)। সোমবাৰে দিনৰ 3 বজাত লাভলীনাসহ অলিম্পিকত ভাগ লোৱা ভাৰতীয় খেলুৱৈৰ দলটো অৱতৰণ কৰিব দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত ।

দেশৰ মাটিত ভৰি দিয়েই ভাৰতীয় দলটোৱে সাক্ষাৎ কৰিব দেশৰ ক্ৰীড়া মন্ত্ৰীক । সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো । আনহাতে, সম্প্ৰতি দিল্লীত বাহৰ পাতি আছে অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাৰ (Bimal Bora) লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও (Himanta Biswa Sarma)। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে এক বৈঠকত ভাগ ল’বলৈ বুলি দিল্লীলৈ যোৱা মুখ্যমন্ত্ৰীয়েও সোমবাৰে দিল্লীতে অভিনন্দন আৰু স্বাগতম জনাব সুযোগ্য অসমকন্যা গৰাকীক ।

মন্ত্ৰী বিমল বৰায়ো লাভলীনাক অভিনন্দন আৰু আদৰণি জনাবলৈকে দিল্লীত বাহৰ পাতি আছে । দিল্লীত দুদিন কটাই 11 আগষ্টত নিজ মাতৃভূমি অসমলৈ আহিব লাভলীনা বৰগোহাঁই ।

ইতিমধ্যে তেওঁক বৰঝাৰ বিমান বন্দৰৰ পৰাই আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি । আনহাতে, 14 আগষ্টত লাভলীনা গুৱাহাটীৰ পৰা পুণৰ ৰাওনা হ’ব দিল্লীলৈ । 15 আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত লাভলীনাসহ পদকপ্ৰাপ্ত সকলো খেলুৱৈকে সম্বৰ্ধনা জনাব প্ৰধানমন্ত্ৰীয়ে ।

লগতে পঢ়ক:অলিম্পিকৰ পদক বিজয়ী লৈ BYJU-ৰ বিশেষ উপহাৰ

Last Updated : Aug 8, 2021, 7:24 PM IST

ABOUT THE AUTHOR

...view details