গুৱাহাটী,৩ আগষ্ট:অসম ডাউন টাউন বিশ্ববিদ্যালয়ত মুকলি হ'ল তিনিটা বিশেষ পৰীক্ষাগাৰ(Three special laboratories were opened on Wednesday in ADTU) ।বুধবাৰে বিশ্ববিদ্যালয়খনৰ চৌহদত আধুনিক চিকিৎসা বিজ্ঞানৰ শৈক্ষিক মানদণ্ড উন্নীত কৰণৰ স্বাৰ্থত, লগতে শিক্ষার্থী সকলৰ জ্ঞানৰ পৰিসৰ বিকাশৰ ক্ষেত্ৰত আৰু গৱেষক সকলৰ গৱেষণাৰ ক্ষেত্ৰত এক বিশেষ পৰিবৰ্তন আনিবলৈ মুকলি কৰে লেবকেইটা ।
সেই বিশেষ তিনিটা পৰীক্ষাগাৰ হৈছে গেট লেব (Gait Lab), ইলেট্রমাগ্রাফি (Electromiography Studies lab) আৰু পালমনাৰি ফাঙ্কচন টেষ্ট লেবৰ লগতে স্পাৰমিটাৰ টেষ্ট (Pulmonary Function Test Lab with Spirometer) লেব । পৰীক্ষাগাৰ কেইটা শিক্ষাৰ্থীসকলৰ উৎকৰ্ষ সাধনত যথেষ্ট সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।