অসম

assam

By

Published : Jun 15, 2023, 8:10 AM IST

ETV Bharat / state

Portal for admission to undergraduate level: স্নাতক মহলাত নামভৰ্তিৰ বাবে সমর্থ প’ৰ্টেল আৰম্ভ

স্নাতক মহলাত নামভৰ্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থ ই-গৱৰ্নমেণ্ট ছ্যুটৰ অধীনত অসম ৰাজ্যিক উচ্চ শিক্ষা নামভৰ্তি প'ৰ্টেল মুকলি ৷ এই নতুন প’ৰ্টেলৰ জৰিয়তে চলিত শিক্ষাবৰ্ষৰ পৰা সম্পন্ন হ’ব উচ্চ শিক্ষাৰ নামভৰ্তি । ৰাজ্যৰ প্ৰতিখন কলেজত স্নাতক মহলাত নামভৰ্তিৰ কাৰণে বাধ্যতামূলক হ’ব এই প’ৰ্টেল ।

admission to undergraduate level
নামভৰ্তিৰ বাবে সমর্থ প’ৰ্টেল আৰম্ভ

গুৱাহাটী, 15 জুন : ৰাজ্যৰ কেউখন বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহত স্নাতক মহলাত নামভৰ্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থিত ই-গৱৰ্ণমেণ্ট ছ্যুটৰ অধীনত অসম ৰাজ্যিক উচ্চ শিক্ষা নামভৰ্তি প’ৰ্টেল বুধবাৰে নিশা দহ বজাৰপৰা কার্যক্ষম হয় । বুধবাৰে শিক্ষামন্ত্ৰীয়ে প’ৰ্টেল মুকলি কৰি কয় যে প’ৰ্টেলটোৰ যোগেদি নামভর্তি হ’লে মহাবিদ্যালয়সমূহৰ সকলো আসন সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পৰা হ’ব ।

পূর্বতে একোজন শিক্ষার্থীয়ে নামভৰ্তি কৰিবলৈ পোৱা-নোপোৱাৰ অনিশ্চয়তাত কেইবাখনো মহাবিদ্যালয়ত নামভৰ্তি কৰিবলগীয়াত পৰিছিল । তেনে ক্ষেত্ৰত এজন শিক্ষাৰ্থীৰ বিপৰীতে কেইবাখনো মহাবিদ্যালয়ত আসন সীমাবদ্ধ কৰিবলগীয়া হৈছিল, ফলত অন্য শিক্ষার্থী বঞ্চিত হৈছিল । সমৰ্থ প’ৰ্টেলৰ যোগেদি এজন শিক্ষার্থীয়ে দহখন পর্যন্ত মহাবিদ্যালয়ত আবেদন কৰিব পাৰিব ।

নামভৰ্তিৰ বাবে সমর্থ প’ৰ্টেল আৰম্ভ

মহাবিদ্যালয়সমূহে নিজ নিজ মেধাৰ তালিকা প্রকাশ কৰাৰ পাছত শিক্ষার্থীজনে তেওঁৰ পছন্দৰ মহাবিদ্যালয়খনত নামভৰ্তিৰ সুযোগ পাব । এখন মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পাছত শিক্ষার্থী এজনে দ্বিতীয়খন মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ নাপাব । অৱশ্যে তেওঁ যিকোনো কাৰণৰ বাবে আন এখন মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ বিচাৰিলে ইতিমধ্যে নামভর্তি কৰা মহাবিদ্যালয়খনৰ পৰা তেওঁৰ আবেদন প্রত্যাহাৰ কৰিলেহে সেই সুযোগ পাব ।

ৰাজ্যখনৰ সকলো মহাবিদ্যালয়ে এইক্ষেত্ৰত সহযোগিতা কৰা বুলি প্ৰকাশ কৰি শিক্ষামন্ত্রীয়ে কয় যে মহাবিদ্যালয় কর্তৃপক্ষৰ লগতে শিক্ষার্থীসকলে প’ৰ্টেলটো ব্যৱহাৰত কোনো অসুবিধাৰ সন্মুখীন হ'লে সেয়া সমাধানৰ বাবে শীঘ্ৰেই এটা হেল্পলাইন নম্বৰ আৰু ই-মেইল মুকলি কৰা হ’ব । আবেদনৰ অন্তিম তাৰিখকে ধৰি সকলো বিষয় সামৰি নামভর্তি সম্পৰ্কত এখন অধিসূচনা জাৰি কৰা হ’ব । প’ৰ্টেলটোৰ যোগেদি শিক্ষার্থী সম্পৰ্কীয় এটা উমৈহতীয়া ডাটাবেছ লাভ কৰাটো সম্ভৱ হ’ব আৰু ইয়াৰ জৰিয়তে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভৱিষ্যৎ পৰিকল্পনা কৰাত সহায়ক হ’ব বুলি ডাঃ পেগুৱে সদৰি কৰে ।

লগতে পঢ়ক :Majuli Moral policing Incident :মাজুলী বালিচাপৰি আৰক্ষী চকীৰ SI দ্বীপজ্যোতি কাকতিক নিলম্বন

ABOUT THE AUTHOR

...view details